বিজেপিৰ নেতা-কৰ্মীয়ে দিলীপ শইকীয়াক হৰুৱাবলৈ চেষ্টা কৰিছে:ৰিহন দৈমাৰী - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:07 PM IST

thumbnail

ৰঙিয়া, ১ এপ্ৰিল: "বিজেপি দলত আৰম্ভ হৈছে বিসম্বাদ । বিজেপি দলৰ বহু নেতা কৰ্মীয়ে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক হৰুৱাবলৈ চেষ্টা কৰিছে ।" এই মন্তব্য় বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ । আজি ৰঙিয়াত বিপিএফৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় কৰে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে ।  

ৰিহন দৈমাৰীয়ে পুনৰ কয় যে বিজেপিৰ বহুতেই বিপিএফ দলৰ সৈতেও যোগাযোগ কৰিছে ‌। এইবাৰ নিৰ্বাচন বেলেগ ধৰণে হ'ব বুলি মন্তব্য় কৰি তেওঁ কয় যে নিজৰ দলৰ দলীয় কৰ্মীসকলেই দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দিব । বহুত দলীয় নেতা কৰ্মী ভাল ভাল পদত থকাৰ পিচতো তেওঁলোকে বিপিএফৰ সৈতে যোগাযোগ কৰিছে । যদিও তেওঁলোকে ওলাই নাহে, তেওঁলোকে ভিতৰৰ পৰা বিপিএফক সহায় কৰিব বুলি বিস্ফোৰক মন্তব্য কৰে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতত ব্যস্ত বিপিএফ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.