চামগুৰিৰ গৰুমৰাত গঁড়ৰ খৰ্গসহ আটক সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:04 PM IST

thumbnail

চামগুৰি, 8 ফেব্ৰুৱাৰী : চামগুৰিৰ গৰুমৰাত গঁড়ৰ খৰ্গসহ আৰক্ষীৰ জালত পৰিছে এটা এটা দুধৰ্ষ সৰবৰাহকাৰী ৷ আৰক্ষীৰ অভিযানত খৰ্গসহ আটক সৰবৰাহকাৰীটো ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত বুধবাৰে নিশা চলাইছিল এই অভিযান ৷

অভিযানত গঁড়ৰ খৰ্গসহ আৰক্ষীয়ে আটাবুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন আটাবুৰ ৰহমানে ঘৰৰ বিচনাৰ তলতে লুকুৱাই থৈছিল গঁড়ৰ খৰ্গটো ৷ উল্লেখ্য যে, কলিয়াবৰ আৰক্ষী আৰু চামগুৰি আৰক্ষীৰ দীৰ্ঘদিন ধৰি চলোৱা অভিযানৰ অন্তত আটাবুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত আটাবুৰ ৰহমানক ইতিমধ্যে চামগুৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰে ড্ৰাগছ মাফিয়াৰ হতাহতি, আহত আৰক্ষী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.