নগাঁৱত আৰক্ষীৰে ড্ৰাগছ মাফিয়াৰ হতাহতি, আহত আৰক্ষী

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:29 PM IST

thumbnail

নগাঁও, 8 ফেব্ৰুৱাৰী : নগাঁও জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । নগাঁও চহৰৰ বৰভেটিত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘটিত হয় হতাহতিৰ ঘটনা । ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত হয় দ্বীপ নাৰায়ণ গিৰি নামৰ এজন আৰক্ষী জোৱান । আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰে ড্ৰাগছ মাফিয়া ইমৰাণ আলীয়ে । আৰক্ষীয়ে মাফিয়াটোৰ পৰা 15 টা চাবোনৰ বাকচত ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰিছে । ব্ৰাউন ছুগাৰসহ ড্ৰাগছ মাফিয়া ইমৰাণক আটক কৰিবলৈ যোৱাৰ সময়তেই সংঘটিত হয় এই ঘটনাটো । 

ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইমৰাণৰ মটৰ চাইকেলখন । লগে লগে গুৰুতৰভাৱে আহত আৰক্ষীৰ জোৱানজনক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইপিনে আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰা ড্ৰাগছ মাফিয়া ইমৰাণক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । উল্লেখ্য যে, দীর্ঘদনৰ পৰাই ড্ৰাগছৰ বেহাত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে পলাতক ড্ৰাগছ মাফিয়া ইমৰাণৰ বিৰুদ্ধে।

লগতে পঢ়ক: ডুমডুমাত বালিৰ অবৈধ সৰবৰাহ ৰুধিবলৈ বন বিভাগে খান্দিলে গাঁত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.