ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰঙিয়াৰ মুৰাৰাত বিশাল ধৰ্মীয় শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:09 PM IST

thumbnail

ৰঙিয়া, ২২ জানুৱাৰী : সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হয় ৰামলালাৰ । এই উপলক্ষে সমগ্ৰ দেশতে ৰামময় পৰিৱেশ । ব্যতিক্ৰম নহয় অসমতো । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো সোমবাৰে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠান মহা আড়ম্বৰেৰে উদযাপন কৰা হয় । এই উপলক্ষে ৰঙিয়াৰ মুৰাৰাত আয়োজন কৰা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা ।

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বৃহত্তৰ ৰঙিয়াৰ ১০ হেজাৰতকৈও অধিক ভক্তপ্ৰাণ লোকে । আনহাতে, ৰাম মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা মন্দিৰৰ প্ৰতিকৃতি লৈ সমগ্ৰ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰে ৰামভক্তসকলে । এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

উল্লেখ্য যে এই শোভাযাত্ৰাৰ লগতে ৰামনাম বন্দনাৰে মুখৰিত হৈ পৰে ৰঙিয়াৰ আকাশ-বতাহ । ইফালে সৰ্বসাধাৰণ ৰাইজেও ইয়াত স্বতস্ফূৰ্তভাৱে সঁহাৰি জনোৱা পৰিলক্ষিত হয় । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে একপ্ৰকাৰ জনসমুদ্ৰত পৰিণত হয় ৰঙিয়াৰ ৰাজপথ ‌। আনহাতে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে উলিওৱা হয় আন এক বিশাল বাইক ৰেলী ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে ৰঙিয়া নগৰৰ মাজমজিয়াৰে তুলসীবাৰীলৈ এই বাইক ৰেলী উলিয়ায় ।

লগতে পঢ়ক :ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.