জনতাক ৰামঠগন দিয়া কংগ্ৰেছ শূণ্য হৈ যাব: ৰূপজ্যোতি কুৰ্মী

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 2:20 PM IST

thumbnail

গুৱাহাটী,৮ ফেব্ৰুৱাৰী: ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা কংগ্ৰেছ দলটোক সময়-সুবিধা পালেই কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে বিজেপিৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱা দেখা গ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক । কংগ্ৰেছ দলটো শেষ হৈ যাব বুলি সদৰী কৰি তেওঁ কয় যে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে এখনো আসন নাপায় ।

কংগ্ৰেছ শূণ্য হৈ যাব বুলি উল্লেখ কৰি ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত ৰাইজক ৰামঠগন দিলে ।চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে, ৰাস্তা-ঘাটৰ উন্নয়ন নকৰিলে, কোনো কামেই নকৰিলে । কংগ্ৰেছৰ নেতৃত্বত ১৫টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱা সন্দৰ্ভত তেওঁ কয় যে ১৫টা দলৰ মাজত কোনো মিল নাই, দলকেইটা নামতহে আছে । বিৰোধী ঐক্য মঞ্চক লৈ জনতা বিবুধিত বুলি তেওঁ কয় । উল্লেখ্য যে মৰিয়নীৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পাছৰে পৰা প্ৰায় সকলো সময়তে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি কাক প্ৰত্যাহ্বান জনালে আছু সভাপতি উৎপল শৰ্মাই ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.