ETV Bharat / state

ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি কাক প্ৰত্যাহ্বান জনালে আছু সভাপতি উৎপল শৰ্মাই ?

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:38 AM IST

Updated : Feb 8, 2024, 11:41 AM IST

AASU president challenge
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মুকলি প্ৰত্যাহ্বান

AASU president challenge : ৰাজহুৱা জীৱন ত্যাগ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ! নগাঁৱত উপস্থিত হৈ মুকলি প্ৰত্যাহ্বান আছুৰ সভাপতিৰ । কাক কিয় এইদৰে প্ৰত্যাহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি শৰ্মাই ? জানিবলৈ চাওঁক এই প্ৰতিবেদন ।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মুকলি প্ৰত্যাহ্বান

নগাঁও, 8 ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মুকলি প্ৰত্যাহ্বান । প্ৰত্যাহ্বান জনালে ছাত্ৰ সন্থাৰ এখন জিলা পৰ্যায়ৰ নেতাক । হয়, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নেতাক অপসাৰণ কৰাৰ পিচতেই সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি উৎপল শৰ্মাৰ বিৰুদ্ধেও উত্থাপন কৰিছিল বহু অভিযোগ । সেই অভিযোগৰেই বুধবাৰে প্ৰত্যুত্তৰ দিলে আছু সভাপতিগৰাকীয়ে ।

বুধবাৰে নিশা নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই মন্তব্য প্ৰদান কৰে । সদৌ অসম ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য নথকা সম্পূৰ্ণ অৰাজনৈতিক সংগঠন । সদৌ অসম ছাত্ৰ সন্থাৰে জড়িত হৈ ৰাজনৈতিক নেতা-মন্ত্ৰীৰে মিতিৰালি কৰাটো ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰে বুলিও উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে ।

লগতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নেতাই উৰুকাৰ নামত মন্ত্ৰী-বিধায়কৰ সৈতে ভোজ-ভাত খোৱা বাবেই সংগঠনৰ পৰা অপসাৰণ কৰাৰ কথা উল্লেখ কৰে ছাত্ৰ সন্থাৰ নেতা উৎপল শৰ্মাই । ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে তেওঁ । উৎপল শৰ্মাই মৰিগাঁও অধিৱেশনৰ বাবে ৰাজনৈতিক নেতাৰ পৰা ধন লোৱাৰ অভিযোগ প্ৰত্যক্ষভাৱে নস্যাৎ কৰে ।

কেৱল নস্যাৎ কৰাই নহয় অপসাৰিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নেতাক প্ৰত্যাহ্বান জনালে আছুৰ সভাপতিগৰাকীয়ে । উৎপল শৰ্মাই ৰাজহুৱা অথৱা ব্যক্তিগত কাৰণত কোনো মন্ত্ৰী বিধায়ক তথা ৰাজনৈতিক ব্যক্তিৰ পৰা এটকা এটা লোৱাৰ প্ৰমাণ দিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিয়েই প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক: ৰাইজে বিচৰা ধৰণে খৰতকীয়া নহ’ল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত: আছু

Last Updated :Feb 8, 2024, 11:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.