সদনত বিৰোধীৰ ভূমিকা পালনত কংগ্ৰেছ ব্যৰ্থ হৈছে: দুৰ্গা দাস বড়ো
🎬 Watch Now: Feature Video

Published : February 9, 2024 at 8:51 PM IST
গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: "কংগ্ৰেছ দীৰ্ঘকাল শাসনত থকাৰ পিচতো বহু কাম কৰিব নোৱাৰিলে আৰু বহু নকৰিবলগীয়া কাম কৰিলে । যাৰ বাবে সদনত কংগ্ৰেছৰ প্ৰতিনিধিসকলে কিছুমান কথাত মনে মনে থকাৰ বাহিৰে উপায় নাই।" এই মন্তব্য প্ৰকাশ কৰে বিপিএফৰ বিধায়ক দুৰ্গা দাস বড়োৰ ।
উল্লেখ্য যে, শুকুৰবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰত্যেক দিনাই সদনত বিধায়ক অখিল গগৈক সৰৱ হোৱা দেখা যায় । সদনত বিৰোধী হিচাপে অখিল গগৈয়ে সৰৱ ভূমিকা পালন কৰাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে । সদনত বিৰোধী হিচাপে অখিল গগৈৰ শক্তিশালী ভূমিকা সন্দৰ্ভত শুকুৰবাৰে সংবাদমাধ্যমৰ আগত বিধায়ক দুৰ্গা দাস বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চৰ মাজতে শক্তিশালী ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাই। অখিল গগৈক বিৰোধী হিচাপে শক্তিশালী কৰিবলৈ চৰকাৰী পক্ষই ব্যৱহাৰ কৰিব পাৰে। নাইবা অখিল গগৈ হয়তো চৰকাৰী পক্ষৰ দ্বাৰা ভুক্তভোগীও হ'বও পাৰে।
লগতে বিধায়কগৰাকীয়ে কয় যে, ২০২৬ চনত অসমত বিজেপি মিত্ৰজোঁটে ১০০ খন আসন পালে ৰেকৰ্ড হ’ব ৷ লগতে কেন্দ্ৰত বিজেপিয়ে ৪০০ খন আসন পাব ৷
লগতে পঢ়ক: অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক