শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলী পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:52 PM IST

thumbnail

ৰঙিয়া, 7 ফেব্ৰুৱাৰী : ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজলৈ মাথো এটা দিন বাকী । ইতিমধ্যে অধিৱেশনস্থলীত ইতিমধ্যে ৰাজ‍্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল উপস্থিত হ’বলৈ আৰম্ভ কৰিছে । তাৰ মাজতে বুধবাৰে অধিবেশনস্থলীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । 

মন্ত্ৰীগৰাকীয়ে অধিৱেশনস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰশাসনৰ বিষয়াসকলৰ লগত কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰাৰ লগতে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আৰু বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে । মন্ত্ৰীগৰাকীয়ে অধিৱেশনৰ প্ৰস্তুতিৰ অগ্ৰগতি দেখি সন্তুষ্টি প্ৰকাশ কৰে আৰু আগন্তুক দিনত অধিৱেশনখন সাফল‍্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰে ।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাৰ লগতে দলটোৰ আন আন কৰ্মকৰ্তাসকল উপস্থিত থাকে । তাৎপৰ্যপূৰ্ণভাৱে পদাধিকাৰগৰাকীয়ে কয় যে, যি সময়ত কিছুমান বিশেষ ধৰ্মৰ লোকে অসমৰ সহজ সৰল লোকসকলক বিভিন্ন প্ৰলোভনেৰে ধৰ্ম পৰিৱৰ্তনৰ বাবে উচতনি প্ৰদান কৰিছে তেনে সময়তে মিচিং তথা চাহ জনগোষ্ঠীৰ বহু লোকে শংকৰ সংঘত শৰণ লৈছে ।

লগতে পঢ়ক: মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.