ৰাম মন্দিৰ উদ্বোধনক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:40 PM IST

thumbnail

বৰপেটা, ২২ জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনক লৈ সত্ৰনগৰী বৰপেটাত সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ মূল প্ৰৱেশদ্বাৰ দালানৰ সন্মুখত ৰাইজৰ সহযোগত মন্দিৰ উদ্বোধন তথা ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হয় ৷ 

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ লগতে নাম প্ৰসংগও অনুষ্ঠিত হয় ৷ বিশেষকৈ ৰাম মন্দিৰত বালক ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ব্যাপক সংখ্যক লোকৰ সমাগম হয় । 

পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি সকলো বয়সৰ লোকৰ উপস্থিতিত সত্ৰৰ সন্মুখত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । ইপিনে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰতিষ্ঠা উপলক্ষে সত্ৰৰ দালানৰ সন্মুখত মহিলাসকলে নাম প্ৰসংগত ভাগ লৈ প্ৰভু ৰামৰ বন্দনা কৰে । 

আনহাতে, বৰপেটা সত্ৰৰ সন্মুখৰ লগতে সত্ৰনগৰী বৰপেটাত স্থাপিত সীতা-ৰাম মন্দিৰতো সোমবাৰে পুৱাৰে পৰা সেৱা কৰিবলৈ বহু লোকৰ সমাগম হয় । লগতে সীতা-ৰাম মন্দিৰত ৰামায়ণ পাঠ অনুষ্ঠানতো অংশ লয় ভক্তসকলে ৷

লগতে পঢ়ক :মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.