বঙাইগাঁৱত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত সহস্ৰাধিক লোকৰ সমাগম - Bharat jodo nyay yatra
🎬 Watch Now: Feature Video

Published : January 24, 2024 at 2:36 PM IST
বঙাইগাঁও, 24 জানুৱাৰী : আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ একাদশ দিন ৷ বৰপেটাৰ ভেলাৰ পৰা বুধবাৰে বঙাইগাঁও জিলাত উপস্থিত হৈছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ৷ বঙাইগাঁও জিলাৰ ৰঙাপানী ৰাজ্যিক চিকিৎসালয়ৰ সম্মুখত ৰাহুল গান্ধীক অভিবাদন জনাবলৈ পুৱাৰ পৰা হাজাৰ হাজাৰ মানুহে ভিৰ কৰে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হাজাৰ হাজাৰ লোকে ৰাহুল গান্ধীক ওচৰৰ পৰা অলপ চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।
আজি যাত্ৰাকালত ৰাহুল গান্ধীয়ে বঙাইগাঁও জিলাত কেইবাটাও ঠাইত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিব। গান্ধীয়ে ৰঙাপানী ৰাজ্যিক চিকিৎসালয়ৰ সম্মুখত পদপথত কিছু সময় ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ কথা আছিল যদিও পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি তেওঁ অভয়াপুৰী লৈ যাত্ৰা কৰে ।
ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ বাবে হাজাৰ হাজাৰ লোক সমগম হয় বুলি বিধায়ক আব্দুল বাতিন খন্দকাৰে মন্তব্য প্ৰকাশ কৰিছে । লগতে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ বাবে বিজেপি চৰকাৰৰ লগতে হিমন্ত বিশ্ব শৰ্মা শংকিত হোৱা বুলি উল্লেখ কৰে বিধায়কজনে ৷
লগতে পঢ়ক: বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?