শিৱসাগৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 7:26 PM IST

thumbnail

শিৱসাগৰ, 10 ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ অ বি চি মৰ্চা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ অভিযোগ তুলি ওলাই আহিছে অ বি চি মৰ্চা ৷ ওড়িশাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে কটাক্ষ কৰে । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অ বি চি সকলক চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ অ বি চি মৰ্চাই ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ অ'বিচি মৰ্চাই । শিৱসাগৰ জিলা বিজেপি অ'বি চি মৰ্চাই দৌলমুখ চাৰিআলিত ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । বিজেপিৰ অ'বি চি মৰ্চাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই ৰাহুল গান্ধী মুৰ্দাবাদ, প্ৰধানমন্ত্ৰীক তুচ্ছ তাচ্ছিল্য কৰা বন্ধ কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাকো নাটক আখ্যা দিয়ে অ বি চি মৰ্চাই ৷

লগতে পঢ়ক : অনাগত দিনত নগাঁৱত সোমাব নোৱাৰিব নেকি ৰাহুল গান্ধী ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.