ETV Bharat / politics

অনাগত দিনত নগাঁৱত সোমাব নোৱাৰিব নেকি ৰাহুল গান্ধী ?

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 3:47 PM IST

rahul-gandhi-effigy-burns-by-bjp-obc-morcha-in nagaon
ৰাহুল গান্ধীৰ পুত্তলিকা দাহ

Rahul Gandhi news: নগাঁৱত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি অ বি চি মৰ্চাৰ প্ৰতিবাদ ৷ দেশৰ প্ৰধানমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ অ বি চিৰ লোকক অপমান কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷

ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ

নগাঁও, 10 ফেব্ৰুৱাৰী : দেশজুৰি ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখিছে কংগ্ৰেছৰ কৰ্মীসকলে ৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে এই ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ কিন্তু অসমত এই যাত্ৰাৰ অন্ত পৰাৰ পিচতো নগাঁৱত জ্বলিল ৰাহুল গান্ধীৰ জুমুঠি ! নগাঁৱত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ বিজেপি অ বি চি মৰ্চাৰ । ভৱিষ্যতে নগাঁৱত ৰাহুল গান্ধীৰ প্ৰৱেশো নিষিদ্ধ কৰিলে অ বি চি মৰ্চাই ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ওড়িশাত এখন সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে কটাক্ষ কৰে । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অ বি চি সকলক চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ অ বি চি মৰ্চাই ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে অ বি চি মৰ্চাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে নগাঁও শ্বহীদ ভৱনৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা অ বি চি মৰ্চাই৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কুচি সম্প্ৰদায়ৰ নাম লৈ অ বি চি সকলক চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অ বি চি মৰ্চাই ।

অ বি চি সকলক ৰাহুল‌ গান্ধীয়ে ওড়িশাৰ এক জনসভাত অপমান কৰাক লৈ জাঙুৰ খাই উঠিছে বিজেপিৰ অ বি চি মৰ্চা । শনিবাৰে নগাঁৱত অ বি চি মৰ্চাৰ নগাঁও জিলা সমিতিৰ নেতৃত্বই ৰাহুল গান্ধীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰাহুল গান্ধীৰ পুত্তলিকাও দাহ কৰে ৷ আনকি ৰাহুল গান্ধীয়ে মানসিক ভাৰসাম্য হেৰুওৱা বুলিও দাবী কৰে বিজেপিৰ অ বি চি মৰ্চাৰ নগাঁও জিলা সমিতিয়ে । পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ নগাঁও ভ্ৰমণত বাধা প্ৰদান কৰাৰো হুংকাৰ দিয়ে বিজেপিৰ অ বি চি মৰ্চাৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক : বৰপেটাত কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.