বৰপেটাত কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:06 PM IST

thumbnail

বৰপেটা, ৯ ফেব্ৰুৱাৰী: শুকুৰবাৰে বৰপেটাত জ্বলিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুত্তলিকা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অ’বিচিৰ সম্পৰ্কে ৰাহুল গান্ধীয়ে কৰা বিৰূপ মন্তব্যৰ বিৰোধিতাৰে বৰপেটা জিলা বিজেপি অ'বিচি মৰ্চাই ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে  ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰকৃত অ'বিচি নহয়, মোদীয়ে অ’বিচিক আলিংগন নকৰে ইত্যাদি বিৰূপ মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে  ।  বৰপেটা জিলা অ’বিচি মৰ্চাৰ সভাপতি অনিল কুমাৰ দাসৰ নেতৃত্বত বৰপেটা পাঁচআলি চ’কত কংগ্ৰেছ নেতাগৰাকীৰ পুত্তলিকা দাহ কৰাৰ লগতে ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনি দিয়ে বিজেপি কাৰ্যকৰ্তাসকলে  ৷

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অ’বিচি সম্পৰ্কত ৰাহুল গান্ধীয়ে কৰা মন্ত্যব্যৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে ক্ষমা খুজিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে ভুল স্বীকাৰ নকৰিলে অনাগত সময়ত অ’বিচি মৰ্চা ক্ষান্ত হৈ বহি নাথাকিব বুলিও হুংকাৰ দিয়ে  ।

লগতে পঢ়ক: ধেমাজিত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰিলে বিজেপিয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.