ধেমাজিত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰিলে বিজেপিয়ে

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:17 PM IST

thumbnail

ধেমাজি, ৯ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক 'কাগজী অ' বি চি ' বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ধেমাজিত তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ভাৰতীয় জনতা পার্টিৰ অন্যান্য পিছপৰা শ্রেণী মর্চাই  ৷ শুক্ৰবাৰে ভাৰতীয় জনতা পার্টিৰ অন্যান্য পিছপৰা শ্রেণী মর্চাৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি সদৰ তিনিআলিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায়  ৷

সমগ্ৰ অন্যান্য পিছপৰা শ্রেণীক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অপমান কৰা বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁক ক্ষমা খোজাৰ দাবী জনাইছে ভাৰতীয় জনতা পার্টিৰ অন্যান্য পিছপৰা শ্রেণী মর্চাই ৷ অন্যথা আদালতৰ দ্বাৰস্থ হ'বলৈ কুণ্ঠাবোধ নকৰিব বুলি সকীয়াই দি ৰাহুল গান্ধীৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ  দাবী জনায় প্ৰতিবাদীসকলে ৷

লগতে পঢ়ক:আপৰ প্ৰাৰ্থী তালিকা দেখি ডিব্ৰুগড়ত আলোচনাত বহিল ভূপেন-লুৰীণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.