ETV Bharat / state

আপৰ প্ৰাৰ্থী তালিকা দেখি ডিব্ৰুগড়ত আলোচনাত বহিল ভূপেন-লুৰীণ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:00 PM IST

Lok Sabha Election 2024: আপে অসমত তিনিগৰাকী প্ৰাৰ্থী ঘোষণা কৰাৰ পিচতেই হাহাকাৰ বিৰোধী শিবিৰত ৷ ডিব্ৰুগড়ত আলোচনাত বহিল ভূপেন বৰা আৰু লুৰীণজ্য়োতি গগৈ ৷ আলোচনাৰ প্ৰক্ৰিয়াৰেহে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি মন্তব্য ৷

Lok Sabha election 2024
AAP declares three candidates
ডিব্ৰুগড়ত আলোচনাত বহিল ভূপেন-লুৰীণ

ডিব্ৰুগড়, 8 ফেব্ৰুৱাৰী: কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চৰ পৰা আঁতৰি আপে ঘোষণা কৰিলে অসমৰ তিনিটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । ইয়াৰ পাচতেই বিৰোধী ঐক্যমঞ্চৰ মাজত এক হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে । আপে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা পাছতেই তাৎক্ষণিকভাৱে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত বৈঠকত মিলিত হ'ল কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।

ইয়াৰ পাচতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সংবাদমেল সম্বোধন । আপে ডিব্ৰুগড়কে ধৰি অসমৰ তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ দুয়োগৰাকী নেতাৰ । ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীজনৰ সৈতে পাঁচজন প্ৰাৰ্থীৰ তালিকা বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছিল বুলি কয় ভূপেন বৰাই । এই সম্পৰ্কত চূড়ান্ত হোৱাৰ পূৰ্বেই আপে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে যদিও মনোনয়ন দিয়াৰ আগমুহূৰ্তলৈকে আলোচনা চলিব বুলি কয় ভূপেন বৰাই ।

ইফালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, এতিয়াও প্ৰাৰ্থী নিশ্চিত কৰা হোৱা নাই ৷ ৰাষ্ট্ৰীয় পৰ্যায়তো যিহেতু আপ আৰু কংগ্ৰেছ দুয়োটা দল মিত্ৰতাত আছে, গতিকে মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে অৰবিন্দ কেজৰিৱাল আলোচনাত বহিব ৷ তাৰ পিচতহে সিদ্ধান্ত লোৱা হ’ব কোনে ক’ত প্ৰাৰ্থিত্ব দিব ৷

বিৰোধীৰ উমৈহতীয়া লক্ষ্য বিজেপিক পৰাভূত কৰা বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে সকলো বিৰোধী একগোট হ’ব লাগিব ৷ সেই অনুসৰিয়েই গণতান্ত্ৰিকভাৱে আগুৱাই যাব লাগিব ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই মিত্ৰতাৰ পৰা ফালৰি কটা আপে এতিয়া কি নিৰ্ণয় কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: কংগ্ৰেছী বিধায়কৰ বিষয়ে ৰাহুল গান্ধীক বেয়াকৈ কৈছিল অখিল গগৈয়ে: সদনত বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.