মুখ খুলিছে মানস চলিহাৰ প্ৰেমিকা বুলি চৰ্চিত যুৱতীগৰাকীৰ লগতে মাতৃয়ে

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 9:39 PM IST

thumbnail

গোলাঘাট, 3 ফেব্ৰুৱাৰী: এইবাৰ মুখ খুলিছে মানস চলিহাৰ প্ৰেমিকা বুলি নাম চৰ্চিত হৈ থকা যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে । যুৱতীগৰাকীৰ মতে মানস চলিহাৰ লগত তেওঁৰ বৰ্তমান কোনো সম্পৰ্ক নাই  ৷ প্ৰায় দুবছৰৰ পূৰ্বেই সম্পৰ্ক ছেদ হৈছিল তেওঁলোকৰ । মানস চলিহাৰ প্ৰসংগত তেওঁক নাটানিবলৈও জনালে আহ্বান ।

বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মানস চলিহা সন্দৰ্ভত যুৱতীগৰাকীয়ে একো নাজানে বুলি মন্তব্য কৰিছে । ইয়াৰ উপৰিও যুৱতীগৰাকীৰ মাতৃয়েও জনায় যে তেওঁৰ জীয়াৰীৰ নাম সংবাদ মাধ্যমত ওলোৱাৰ পিচতেই মানসিকভাৱে ভাগি পৰিছে যুৱতীগৰাকী । মানস চলিহাৰ প্ৰসংগত যুৱতীগৰাকীক আৰু নাটানিবলৈ মাতৃয়েও আহ্বান জনাইছে ।

উল্লেখ্য আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁয়ে নাম উল্লেখ কৰিছিল মানস চলিহাৰ প্ৰেমিকাৰ নাম ।

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত আৱদ্ধ হ’ল ধুৰন্ধৰ মানস চলিহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.