ডাম্পিং গ্ৰাউণ্ডৰ ক’লা ধোঁৱাই জলা-কলা খুৱাইছে মৰিয়নীবাসীক

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 3:31 PM IST

thumbnail

যোৰহাট, 1 ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ মৰিয়নী পৌৰসভা এলেকাৰ অনান্য সমস্যা মাজৰ আন এক গুৰুত্বপূৰ্ণ আৰু অন্যতম সমস্যা হৈছে মৰিয়নী পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড ৷ মৰিয়নী নগৰৰ 2 নং ৱাৰ্ডৰ ভোগদৈ নৈৰ পাৰত থকা পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ ক'লা ধোঁৱাই প্ৰতিদিনে ছানি ধৰে সমগ্ৰ মৰিয়নী নগৰখনক । ফলত মৰিয়নী নগৰৰ ৰাইজে কলা ধোঁৱাৰ বাবে ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা হৈছে ।

উল্লেখ্য যে, মৰিয়নী নগৰৰ দহটা ৱাৰ্ডৰ জাৱৰ-জোঁথৰ মৰিয়নী পৌৰসভাই ভোগদৈ নৈৰ পাৰত থকা ডাম্পিং গ্ৰাউণ্ডত জমা কৰে । কিন্তু জমা কৰি থোৱা এই জাবৰত অগ্নিসংযোগ কৰাৰ ফলত ইয়াৰ পৰা উদ্ভৱ হোৱা ক'লা ধোঁৱাই অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ ফলত আতংকিত হৈছে মৰিয়নীৰ ৰাইজ । 

ইফালে এই ডাম্পিং গ্ৰাউণ্ডত থকা এই জাবৰত কোনে অগ্নিসংযোগ কৰে এই বিষয়ে এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷ যদিও জাবৰ নিষ্কাষণৰ নামত পৌৰসভাই এই জাৱৰ-জোথৰসমূহ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । এই সমস্যাৰ বিষয়ে মৰিয়নীৰ ৰাইজে প্ৰশাসনক বাৰে বাৰে অভিযোগ দিয়াৰ পাচতো প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ উক্ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা ধোঁৱাৰ ফলত দাঁতি কাষৰীয়া অঞ্চলৰ লোক বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক: 15 বছৰীয়া ডাম্পিং গ্ৰাউণ্ড পৰিণত হ’ব সুন্দৰ উদ্যানলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.