ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰুজু ৰাজহুৱা গোচৰ - Rangia news

🎬 Watch Now: Feature Video

thumbnail
ড্ৰাগছ সৰবৰাহকাৰীৰ মৰসাহ (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 1:04 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, 27 জানুৱাৰী : ৰঙিয়াত সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীৰ মৰসাহ । শতাধিক ৰাইজলৈ দেগাৰ লৈ চোঁচা সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীৰ । আতংকিত ৰঙিয়াৰ ইছলামপুৰৰ ৰাইজ । ঘটনাৰ বিৱৰণী অনুসৰি, শুক্ৰবাৰে ৰঙিয়া নগৰৰ 2 নং ৱাৰ্ডৰ ইছলামপুৰৰ মছজিদত ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হৈ আছিল । কিদৰে ৰঙিয়াক ড্ৰাগছ মুক্ত কৰিব পাৰি তাৰ ওপৰত আলোচনা চলিছিল ।

সেই মূহূৰ্ততে এজন যুৱকে হাতত দেগাৰ লৈ ৰাইজলৈ চোঁচা লয় । অভিযুক্ত যুৱকজনৰ নাম মুন আলী ৷ কিন্তু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত যুৱকজনে । পিচত ঘটনা সংক্ৰান্তত ৰঙিয়াৰ আৰক্ষীক খবৰ দিয়া হয় ।

পৰৱৰ্তী পৰ্যায়ত অঞ্চলটোৰ ৰাইজে অভিযুক্ত মুন আলীৰ ঘৰত উপস্থিত হৈ জবাবদিহি কৰে । ৰাইজৰ অভিযোগ ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত কৰাৰ বাবে সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰী যুৱক মুন আলীয়ে ৰাইজলৈ চোঁচা লৈছিল । ইফালে ঘটনাস্থলীত ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৰুজু কৰে ৰাজহুৱা এক গোচৰ ।

লগতে পঢ়ক : কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details