ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰুজু ৰাজহুৱা গোচৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 1:04 PM IST

thumbnail

ৰঙিয়া, 27 জানুৱাৰী : ৰঙিয়াত সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীৰ মৰসাহ । শতাধিক ৰাইজলৈ দেগাৰ লৈ চোঁচা সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীৰ । আতংকিত ৰঙিয়াৰ ইছলামপুৰৰ ৰাইজ । ঘটনাৰ বিৱৰণী অনুসৰি, শুক্ৰবাৰে ৰঙিয়া নগৰৰ 2 নং ৱাৰ্ডৰ ইছলামপুৰৰ মছজিদত ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হৈ আছিল । কিদৰে ৰঙিয়াক ড্ৰাগছ মুক্ত কৰিব পাৰি তাৰ ওপৰত আলোচনা চলিছিল ।

সেই মূহূৰ্ততে এজন যুৱকে হাতত দেগাৰ লৈ ৰাইজলৈ চোঁচা লয় । অভিযুক্ত যুৱকজনৰ নাম মুন আলী ৷ কিন্তু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত যুৱকজনে । পিচত ঘটনা সংক্ৰান্তত ৰঙিয়াৰ আৰক্ষীক খবৰ দিয়া হয় ।

পৰৱৰ্তী পৰ্যায়ত অঞ্চলটোৰ ৰাইজে অভিযুক্ত মুন আলীৰ ঘৰত উপস্থিত হৈ জবাবদিহি কৰে । ৰাইজৰ অভিযোগ ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত কৰাৰ বাবে সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰী যুৱক মুন আলীয়ে ৰাইজলৈ চোঁচা লৈছিল । ইফালে ঘটনাস্থলীত ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৰুজু কৰে ৰাজহুৱা এক গোচৰ ।

লগতে পঢ়ক : কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.