কিশোৰ হত্যাত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বামুণবাৰীত পথ অৱৰোধ

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 5:27 PM IST

thumbnail

ডিব্ৰুগড়, ১০ মাৰ্চ: কিশোৰ হত্যাত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আজি মৰাণ নাহৰকটীয়া পথৰ বামুণবাৰীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ । যোৱা ৬ মাৰ্চত কাছমাৰী গাঁৱৰ দিগন্ত দিহিঙীয়াৰ দোকান গৃহত বিতুল হেমৰম (১৩) নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । দণ্ডাধীশৰ অনুপস্থিতিত বামুণবাৰী আৰক্ষীয়ে কিশোৰজনৰ মৃতদেহ থানালৈ নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । উক্ত ঘটনাৰ উচিত তদন্তৰ দাবীত আজি দুই শতাধিক পুৰুষ-মহিলাই মৰাণ নাহৰকটীয়া পথৰ বামুণবাৰীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।  

বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । এই ঘটনা সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত খবৰ ল'বলৈ যোৱা চাৰি যুৱকৰ ফোন জব্দ কৰি ৰখাৰ অভিযোগ বামুণবাৰী আৰক্ষী চকীৰ বিষয়া অনুপ গায়নৰ বিৰুদ্ধে । আৰক্ষী বিষয়া অনুপ গায়নক নিলম্বনৰ দাবীত ৰাইজে এইদৰে প্ৰতিবাদ জনালে । অৱৰোধৰ ফলত বহু সময় ধৰি শতাধিক যান বাহন আবদ্ধ ।

লগতে পঢ়ক:মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.