শৰণীয়া কছাৰীক স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত চচলত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:36 PM IST

thumbnail

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: অসম বিধান সভাৰ বাজেট অধিবেশন চলি থকাৰ সমান্তৰালভাৱে মহানগৰীৰ চচলত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ । বৃহস্পতিবাৰে শৰণীয়া কছাৰীসকলক জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান আৰু স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চচলত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কার্যসূচী ৰূপায়ন কৰে জনগোষ্ঠীটোৰ কেবাটাও সংগঠনে । নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে । চচলৰ প্ৰতিবাদস্থলীত ভিক্ষা নহয় অধিকাৰ লাগে, No Solution No Vote, শৰণীয়া কছাৰী বিৰোধী চক্ৰ হুচিয়াৰ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত সংস্থাৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.