ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ একতা সভাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:41 PM IST

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত ৪ ঘণ্টীয়া প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বিশ্ববিদ্যালয়লৈ আহি ছাত্ৰ- ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নোহোৱাৰ অভিযোগ ৷

Union body protest
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ একতা সভাৰ প্ৰতিবাদ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ একতা সভাৰ প্ৰতিবাদ

মৰাণ, 8 ফেব্ৰুৱাৰী : উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত ৪ ঘণ্টীয়া প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰসমূহ পূৰ্ণাংগ বিভাগলৈ উন্নতীকৰণ, ঠিকাভিত্তিক শিক্ষক আৰু কৰ্মচাৰীৰ পদ পূৰণ, আন্তঃগাঁথনি উন্নয়ন, Compartmental (বিশেষ পৰীক্ষা) অনুষ্ঠিত কৰা আৰু আভ্যন্তৰীণ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী হাতত লয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও সহযোগ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এই দাবী সমূহ মানি নোলোৱা পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি ছাত্ৰ একতা সভাই সদৰী কৰে।

লক্ষণীয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বিশ্ববিদ্যালয়লৈ আহি ছাত্ৰ- ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নোহোৱাৰ অভিযোগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ । উল্লেখ্যে যে, যোৱা বৰ্ষৰ 16 আক্টোবৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীসকলৰ লগত বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত মত-বিনিময় কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰায় ডেৰ ঘন্টা বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন অভাৱ অভিযোগ গুৰুত্ব সহকাৰে লৈ সমাধানৰ আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কেৱল সমস্যাবিলাক শুনি সমাধানৰ আশ্বাস দি কাৰ্যকৰী নকৰাত ক্ষোভিত হৈ পৰিছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা। অচিৰেই এই সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে ৷ অন্যথা এই প্ৰতিবাদ ৰাজপথলৈ যাব বুলি হুংকাৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ৷

লগতে পঢ়ক: ডুমডুমাত বালিৰ অবৈধ সৰবৰাহ ৰুধিবলৈ বন বিভাগে খান্দিলে গাঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.