জোনাইত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:53 PM IST

thumbnail

জোনাই, ২২ জানুৱাৰী: আজি ৰামময় হৈছে অযোধ্যা ৷ অযোধ্যাৰ চৌদিশ কেৱল জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷ কেৱল অযোধ্যাই নহয়, সমগ্ৰ ভাৰতবৰ্ষ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল ৷ ভাৰতীয় সংস্কৃতিৰ ৫ হাজাৰ বছৰীয়া ইতিহাসত শুভ আৰম্ভণি হ'ল এক নতুন অধ্যায়ৰ ৷ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ প্ৰাণ ৷ সোমবাৰে অযোধ্যাত ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ সমগ্ৰ দেশ ৰামময় হৈ পৰা ক্ষণতে জোনাইৰ সমগ্ৰ আকাশ-বতাহো ৰামময় হৈ পৰিছে ৷ জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত সমগ্ৰ জোনাইৰ পৰিৱেশ ৷  

আজিৰ পৱিত্ৰ দিনটোতে জোনাইত উলিওৱা হয় বিশাল শোভাযাত্ৰা ৷ জোনাইৰ প্ৰতিটো মন্দিৰৰ পৰা আৰম্ভ হয় এই শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৷ এই প্ৰসংগত বিধায়ক ভূৱন পেগুৱে কয় যে ৫০০ বছৰৰ পিছত দেশ লাভ কৰিছে নতুন জীৱন ৷ ইয়াৰ বাবে বিধায়ক গৰাকীয়ে ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷

লগতে পঢ়ক:ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.