আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 9:04 PM IST

thumbnail

গুৱাহাটী,৩ ফেব্ৰুৱাৰী: ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা । শনিবাৰে প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ কলিতা সোঁৱৰণী আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতাখন বি বৰুৱা মহাবিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।  

প্ৰতিযোগিতাখনিত ২১ খন মহাবিদ্যালয়ৰ পৰা দুজনীয়াকৈ একোটা দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনৰ চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৬ টা দলৰ মাজত । আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে এছ বি দেওৰা মহাবিদ্যালয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে কটন বিশ্ববিদ্যালয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে । উদ্যোক্তাসকলে জনোৱা অনুসৰি প্ৰথম পুৰস্কাৰত আছে মানপত্ৰ, ট্ৰফী, নগদ ১২০০০ টকা, দ্বিতীয় পুৰস্কাৰত আছে মানপত্ৰ, ট্ৰফী, নগদ ১০০০০ টকা আৰু তৃতীয় পুৰস্কাৰত আছে মানপত্ৰ, ট্ৰফী আৰু নগদ ৮০০০ টকা ।

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.