ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 6:18 PM IST

Foothills National Drama Festival: অসমীয়া আৰু নগাসকলে একত্ৰিতভাৱে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত অংশ লৈছে । দুয়োখন ৰাজ্যৰে বিভিন্ন শিল্পীয়ে নাট মঞ্চস্থ কৰিছে । এই মহোৎসৱে সমন্বয়ৰ বাৰ্তা কঢ়িয়াইছে ।

Foothills National Drama Festival
অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ
অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

যোৰহাট,৩ ফেব্ৰুৱাৰী : নগাৰ আগ্ৰাসন, অসমীয়া আৰু নগাৰ সংঘাত আদি বিভিন্ন বিষয়ক লৈ অসম-নাগালেণ্ড সীমান্ত প্ৰায়ে উত্তেজনাপূৰ্ণ হৈ থাকে । অসম আৰু নাগালেণ্ডৰ ভূমি বিবাদক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ থকা দেখা যায় । একপ্ৰকাৰ সীমান্ত অঞ্চল অশান্তজৰ্জৰ বুলিয়ে ধৰা হয় । কিন্তু সীমান্ত মানেই সংঘাত নহয় । সংঘাতৰ বিপৰীতে সম্প্ৰীতিৰ এক আকৰ্ষণীয় দৃশ্য দেখা গ'ল অসম-নাগালেণ্ড সীমান্তত ।

এইবাৰ অসমীয়া আৰু নগাৰ সম্প্ৰীতিৰ দৃশ্য দেখা গ'ল অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীত । নগা আৰু অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰী সাতাম পুৰুষীয়া । কেতিয়াবা সেই এনাজৰীত ঘূণে ধৰিলেও তাক পুনৰ কটকটীয়া কৰাৰ প্ৰয়াস কৰিছে একাংশ সমাজ হিতৈষী ব্যক্তিয়ে । নগা-অসমীয়াৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীক ধৰি ৰখাৰ প্ৰয়াসৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি আৰু সমন্বয় সুদৃঢ় কৰাৰ লক্ষ্যৰে মৰিয়নীৰ সীমান্তৱৰ্তী ভৱানীপুৰৰ পাহাৰৰ নামনিত অনুষ্ঠিত হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ।

এই মহোৎসৱত হাতে কামে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে অসমীয়া আৰু আকাহুতু বস্তিৰ পৰা নামি অহা নগা ডেকা-গাভৰুসকল । সমাজ হিতৈষী দেৱেন দুৱৰাৰ সমন্বয় ক্ষেত্ৰত দ্বিতীয়বাৰলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ আয়োজন কৰা হৈছে । ২ৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বাবে ভৈয়ামত অসমীয়া আৰু পাহাৰৰ নগা লোকসকল একত্ৰিত হৈ নগা পাহাৰৰ নামনিত নাট মঞ্চস্থ কৰিছে আৰু সকলোৱে একত্ৰিতভাৱে নাটক উপভোগ কৰিছে ৷ অসম-নাগালেণ্ডৰ সংঘাতৰ বিপৰীতে মৰিয়নী সীমান্তৰ এনে সম্প্ৰীতিৰ দৃশ্যই কঢ়িয়াইছে এক ইতিবাচক বাৰ্তা ।

লগতে পঢ়ক :ঐনিতম-গুমৰাগ নৃত্যৰে জীপাল ঢকুৱাখনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.