ETV Bharat / state

ঐনিতম-গুমৰাগ নৃত্যৰে জীপাল ঢকুৱাখনা

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:29 PM IST

Ali Aye Ligang preparation : আলি-আয়ে-লৃগাঙক লৈ উখল-মাখল ঢকুৱাখনাৰ ওভতা চামপৰা মুখত ৷

ali aye ligang preparation in Dhakuakhana
ঐনিতম আৰু গুমৰাক নৃত্যৰে জীপাল ঢকুৱাখনা

ঐনিতম আৰু গুমৰাক নৃত্যৰে জীপাল ঢকুৱাখনা

ধেমাজি, 3 ফ্ৰেব্ৰুৱাৰী : সমাগত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং ৷ ব্যস্ততা বাঢ়িছে মিচিং ডেকা গাভৰুৰ ৷ মিচিং জনগোষ্ঠীৰ জনবসতি প্ৰধান অঞ্চলত এতিয়া গুমৰাগ নৃত্য আৰু ঐনিতমেৰে মুখৰিত হৈ পৰিছে ৷ ঐনিতমেৰে জীপাল হৈ পৰিছে ঢকুৱাখনা ৷

ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা আলি-আয়ে-লৃগাঙৰ বাবে ইতিমধ্যে অতিথিক আপ্যায়নৰ বাবে পঃৰৱ আপং, নগিন আপং সাজু কৰিছে মিচিং পৰিয়ালসমূহে ৷ সমান্তৰালকৈ লৃগাঙত চেনাইক দিবলৈ বুলি ৰিবি গাচেং, মিবু গালুক সাজু কৰিছে মিচিং গাভৰুৱে ৷

ঢকুৱাখনাৰ ওভতা চামপৰা মুখত 12 আৰু 13 মাৰ্চত সন্মিলিত আলি-আয়ে-লৃগাং উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজে ৷ সেয়ে ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি সংগ্ৰহৰ বাবে একেলগে সৰিয়হ তুলি শ্ৰমদান কৰা পৰিলক্ষিত হৈছে গাঁওখনৰ মিচিং ডেকা-গাভৰুক ৷

ঐনিতম গীত গাই, নৃত্য কৰি অৰ্ধশতাধিক যুৱক-যুৱতীয়ে আজি তুলিলে 15 বিঘাকৈ সৰিয়হ ৷ তেওঁলোকে কয়, ‘‘ জাক-জমকতাৰে 12 আৰু 13 মাৰ্চত আলি-আয়ে-লৃগাং সন্মিলন আয়োজন কৰা হৈছে ৷ কিন্তু বৰঙণিলৈ আশা নকৰি গাঁৱৰ-ডেকা গাভৰুৱে মিলি সৰিয়হ তোলা হৈছে ৷ ইয়াৰ জড়িয়তে পুঁজি সংগ্ৰহ কৰা হ’ব ৷ সেই পুঁজিৰে অয়োজন কৰা হ’ব আলি-আয়ে-লৃগাং সন্মিলন ৷ প্ৰায় এমাহৰো অধিক সময় সন্মিলনলৈ আছে যদিও প্ৰস্তুতি তুংগত কৰি তোলা হৈছে ৷ যিহেতু নিজৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থতে আমি শ্ৰমদানৰ বাবে ওলাই আহিছো ৷’’

দুদিনীয়াকৈ আয়োজন কৰা লৃগাং সন্মিলনৰ নিশা হ’বলীয়া সাংস্কৃতি অনুষ্ঠানলৈ শিল্পী জি শংকৰ গাম, ৰেখা দলে আৰু প্ৰদীপ দলেক আমন্ত্ৰণ জনোৱা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিছে ৷

লগতে পঢ়ক : অৱশেষত আৰক্ষীৰ জালত আৱদ্ধ হ’ল ধুৰন্ধৰ মানস চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.