ৰঙিয়াৰ হাতীখলা পথাৰত এতিয়া সীমাহীন ব্যস্ততা

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:42 PM IST

thumbnail

ৰঙিয়া,৬ ফেব্ৰুৱাৰী: মাজত মাথো দুটা দিন । নৰাৰ পথাৰত হ'ব সমন্বয়ৰ বৰষুণ । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হ'ব ৰঙিয়াৰ হাতীখলা পথাৰ । সেয়ে প্ৰস্তুতি তুংগত উঠিছে । ৫০ লক্ষাধিক ধৰ্মপ্ৰাণ ৰাইজক আদৰাৰ বাবে সম্পূৰ্ণ কৰি তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলী । দিনে নিশাই শ্ৰমদান কৰি আছে সহস্ৰাধিক লোকে । ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে অধিবেশনস্থলীত । মঙলবাৰে ৰঙিয়াৰ হাতীখলা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত শ্ৰমদান কৰিবলৈ উপস্থিত হ'ল শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকল ।  

দুগৰাকী শিক্ষাগুৰুৰ সৈতে উপস্থিত হোৱা শতাধিক ছাত্র-ছাত্ৰীয়ে অধিবেশনৰ প্ৰস্তুতিত অংশগ্ৰহণ কৰি আহ্লাদিত হোৱা পৰিলক্ষিত হয় । সকলোৱে অধিবেশনৰ প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে প্ৰায় ৫০ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব ৰঙিয়াৰ হাতীখলা পথাৰ । ৭০০ বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ প্রস্তুতি সম্পূর্ণ । ৩০৮ টা চৌকাৰে সাজু ৰান্ধনীশাল, থাকিব ১১০ টা শিবিৰ, একেলগে আহাৰ গ্ৰহণ কৰিব ১০ হাজাৰ ভক্তই । 

লগতে পঢ়ক: কাকজানত আৰম্ভ তিনিদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ ইস্তেমা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.