ETV Bharat / state

কাকজানত আৰম্ভ তিনিদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ ইস্তেমা

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:24 PM IST

Jorhat Istema : প্ৰতিকূল বতৰকো নেওচি মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাকজানত আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ইস্তেমা ।

কাকজানত পৱিত্ৰ ইস্তেমা আৰম্ভ
কাকজানত পৱিত্ৰ ইস্তেমা আৰম্ভ

কাকজানত তিনিদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ ইস্তেমা আৰম্ভ

টীয়ক, ৬ ফেব্ৰুৱাৰী : উজনি অসমৰ হিন্দু-মুছলমানৰ অন্যতম সমন্বয় ক্ষেত্ৰ টীয়কৰ কাকজান দ-গাঁও পথাৰত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ধৰ্মালোচনী সভা ইস্তেমা । এই উপলক্ষে প্ৰতিকূল বতৰকো নেওচি সমগ্ৰ ৰাজ্যৰ প্ৰায় চল্লিছ হাজাৰৰো অধিক লোকে পুৱাতেই ভিৰ কৰিছেহি কাকজানৰ ইস্তেমাস্থলীত ।

আনহাতে, চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডৰ পৰাও বহু ধৰ্মপ্ৰাণ ব্যক্তি আহি ইস্তেমাত ভাগ লোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য এই যে সুদূৰ দিল্লীৰ পৰা কেইবাগৰাকীও ইছলামধৰ্মীয় গুৰু এই ইস্তেমাত উপস্থিত হৈ বিশ্ব শান্তিৰ বাবে দোৱা বা প্ৰাৰ্থনা কৰিব । লগতে বিভিন্ন জাতি-জনজাতি, ধৰ্ম-বৰ্ণৰ লোক সকলোৱে যাতে সমন্বিতভাৱে বিশ্বত বাস কৰি থাকিব পাৰে আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হৈ থাকে তাৰ বাবে দোৱা কৰা হ'ব ।

ইয়াৰ উপৰি বেয়া কামৰ পৰা আঁতৰি থাকি সজ চিন্তাৰে নিজৰ লগতে ওচৰচুবুৰীয়াৰ সৈতে যাতে মিলাপ্ৰীতিৰে বসবাস কৰি এক শান্তিৰ পৰিৱেশ বিৰাজ কৰি ৰাখিব পাৰি তাৰো উপায় বিচাৰি নেদেখাজনৰ শৰণাপন্ন হোৱাৰ লগতে ধৰ্মগুৰুৰ আদেশ পালনত সকলো ব্ৰতী হৈ আছে । উল্লেখ্য যে বৃহস্পতিবাৰে অন্তিমদিনা পুৱা ৯ বজাৰ পৰা সমূহীয়া দোৱা অনুষ্ঠিত হব ।

বিশ্বশান্তিৰ বাবে এই দোৱাত কেইবা লাখ ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, এই ইস্তেমাৰ এক বৈশিষ্ট্য হৈছে যে এই বৃহৎ ইস্তেমা আয়োজনৰ ক্ষেত্ৰত কোনো ধৰণৰ দান-বৰঙণি কাৰোৰে পৰা সংগ্ৰহ কৰা হোৱা নাই । লগতে ইয়াৰ পৰিচালনাৰ বাবে কোনো নিৰ্দিষ্ট সমিতিও নাই ।

ইয়াৰ বিপৰীতে ৰাইজৰ স্বতস্ফূৰ্ত সঁহাৰিৰ ফলতে এই পৰিৱেশ ইতিমধ্যে গঢ় লৈ উঠিছে আৰু অনাগত দুটা দিনতো একেদৰেই সূচাৰুৰূপে সমগ্ৰ অনুষ্ঠানটি চলাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.