কলিয়াবৰত ৭৫ সংখ্যক গণৰাজ‍্য দিৱসৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:27 AM IST

thumbnail

কলিয়াবৰ,২৫ জানুৱাৰী : কাইলৈ গণৰাজ্য দিৱস ৷ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে এতিয়া চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ আন প্ৰান্তৰ দৰে নগাঁও জিলাৰ কলিয়াবৰত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । কলিয়াবৰত গণৰাজ্য দিৱস উপলক্ষে বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে ।

ইতিমধ্যে কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কলিয়াবৰ মহকুমা প্ৰশাসনে ৭৫ সংখ‍্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে । কলিয়াবৰ আৰক্ষীৰ লগতে কলিয়াবৰ মহকুমাৰ বহুখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ‍্য দিৱসৰ মাৰ্চপাৰ্চ আৰু সাংস্কৃতিক অনুষ্ঠানৰ অনুশীলনত ব‍্যস্ত হৈ পৰিছে । এইবাৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিভাগৰ প্ৰতীক পটৰ এক প্ৰতিযোগিতাৰো আয়োজন কৰিছে কলিয়াবৰ প্ৰশাসনে ।

লগতে পঢ়ক: দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস, ধেমাজিত পতাকা উত্তোলন কৰিব যোগেন মহনে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.