মুখ্যমন্ত্ৰীয়ে দিয়া ছ্যুটকেছভৰ্তি ধনেৰে প্ৰচাৰ বদৰুদ্দিন আজমলৰ: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 8:35 PM IST

Updated : Apr 21, 2024, 6:15 AM IST

thumbnail
()

নগাঁও,২০ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিস্ফোৰক মন্তব্য । তেওঁ অভিযোগ কৰা মতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ছ্যুটকেছভৰ্তি ভৰাই টকালৈ সংখ্যালঘু এলেকাত প্ৰচাৰ চলাইছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে । আজমলে ব্যৱহাৰ কৰা হেলিকপ্টাৰো বিজেপিৰ নামত বুকিং থকাৰ কথা দাবী কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে ।

বদৰুদ্দিন আজমলে ব্যৱহাৰ কৰা হেলিকপ্টাৰ নিজৰ নামত বুকিঙৰ প্ৰমাণ থাকিলে ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ কথা মতেই নিজৰ ধুবুৰী সমষ্টি এৰি নগাঁৱৰ সংখ্যালঘু এলেকাত আজমলে প্ৰচাৰ চলোৱা বুলিও অভিযোগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । কেৱল এয়াই নহয় মন্ত্ৰী পীযুষ হাজৰীকাকো উভতি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । মন্ত্ৰী পীযুষ হাজৰীকাক ৰাজ্যৰ সকলো ছিণ্ডিকেটৰ মহানায়ক আখ্যাও দিলে প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক :তপন গগৈয়ে গৌৰৱ গগৈক বিপুল ভোটত পৰাজিত কৰাৰ দাবী ভৱেশ কলিতাৰ - Lok Sabha Election 2024

Last Updated : Apr 21, 2024, 6:15 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.