শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ জাল

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 2:23 PM IST

thumbnail

শিৱসাগৰ,৮ ফেব্ৰুৱাৰী: শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা । দুস্কৃতিকাৰীৰ উপদ্ৰৱত পথচাৰীৰ হাহাকাৰ । শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতে পেলাইছে নতুন জাল । পথত উদ্ধাৰ হয় গোপনে পুতি থোৱা বৃহৎ সংখ্যক গজাল । শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডুন পাব্লিক স্কুলৰ সমুখত ডকাইতিৰ কু-অভিপ্ৰায়েৰে পুতি থোৱা বৃহৎ পৰিমাণৰ গজাল উদ্ধাৰ হয় ।  

বুধবাৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী বহু কেইখন বাহনৰ চকা উক্ত স্থানত পাংচাৰ হোৱাৰ পাছত পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা । এই ঘটনা পোহৰলৈ অহাৰ পাছত শংকিত হৈ পৰিছে পথটোৰে চলাচল কৰা ৰাইজ । পিছে এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ভয়ংকৰ দুৰ্ঘটনাৰ লগতে ডকাইতিৰ আশংকা ঘনীভূত হৈ পৰিছে । শীঘ্ৰে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ । 

লগতে পঢ়ক: ৰহাৰ চাপৰমুখত ড্ৰাগছসহ ৬ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.