গুৱাহাটীত 4 হাজাৰ কিঃগ্ৰাঃ গাঞ্জা জব্দ আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:33 PM IST

thumbnail

গুৱাহাটী, 24 জানুৱাৰী : মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ 1 কিলোগ্ৰাম বা 10 কিলোগ্ৰাম নহয় প্ৰায় 4 হাজাৰ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে ৷ ঘটনা অনুসৰি, আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু কপিল পাঠকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন খবৰ ভিত্তিত বুধবাৰে গুৱাহাটীৰ বেহাৰবাৰীত অভিযান চলায় ৷ উক্ত অভিযানৰ সময়তে 10 কোটি টকাৰ গাঞ্জা জব্দ কৰে ৷

আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই কয়, ‘‘AS 01 JC 7744 নম্বৰ ট্ৰাকখন আগৰতলাৰ পৰা বিহাৰলৈ কেঁচা ৰবৰ লৈ গৈছিল ৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে গোপন খবৰৰ ভিত্তিত আমি ট্ৰাকখনত তালাচী চলালো ৷ তালাচিৰ সময়ত কেঁচা ৰবৰৰ দমৰ তলৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰা হয় ৷’’

ইফালে, অভিযান কালত গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখন জব্দ কৰাৰ লগতে দুজনকৈ লোকক আটক কৰে । আটকাধীন লোক দুজন লক্ষীপুৰৰ বিশ্বজিত দাস আৰু কাছাৰৰ ৰাজু শৰ্মা বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক : কিয় মহিলাসকল আঁতৰি থাকিল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.