ETV Bharat / state

কিয় মহিলাসকল আঁতৰি থাকিল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা !

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 1:24 PM IST

Mukhyamantri mahila udyamita abhiyan: আজি ভাৰত জোড়ো ন্যায় যাত্ৰাই জনিয়া-অভয়াপুৰীহৈ বঙাইগাঁৱত প্ৰৱেশ কৰিব ৷ কিন্তু উদ্যমিতা আঁচনিৰ ফৰ্মৰ বাবে পুৱা চাৰি বজাৰ পৰা কলগাছিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ভীৰ হাজাৰ হাজাৰ মহিলাৰ ৷

Why Females did not participated in BJNY during day 7
মহিলাবিহীন হ’ল নেকি ভাৰত জোড়ো ন্যায় যাত্ৰা

জনিয়া, 24 জানুৱাৰী : অসমত পদে পদে উজুটি খাইছে ৰাহুল গান্ধীয়ে ৷ মহিলা সবলীকৰণৰ পৰা ৰামৰ প্ৰতি শ্ৰদ্ধা দোহাই দি ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিয়াত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৷ মণিপুৰ, নাগালেণ্ডৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত হালোৱাটিং হৈ অসমত প্ৰৱেশ কৰা ভাৰত জোড়ো ন্যায়া যাত্ৰাই প্ৰথমটো উজুটি খাইছিল যোৰহাটত ৷ তাৰ পাচত লখিমপুৰ, জামুগুৰিহাট, বটদ্ৰৱা, গুৱাহাটী ৷

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা অসমৰ মহিলাসকলক যাতে দূৰৈত ৰাখিব পাৰি তাৰে চৰকাৰে পৰিকল্পনা কৰিছিল ৷ সেই অনুসৰিয়ে, য’তে কংগ্ৰেছৰ ন্যায় যাত্ৰাই প্ৰৱেশ কৰিব সেই জিলাত পঞ্চায়তে পঞ্চায়তে সভা পাতি মহিলাসকলক উদ্যমিতা আঁচনিৰ ফৰ্ম বিতৰণ কৰিব ৷ মাজুলীত দেখা পোৱাৰ পাচত আজিও ব্যতিক্ৰম নহ’ল বৰপেটাৰ কলগাছিয়াত ৷

বুধবাৰে দিনৰ ভাগত বৰপেটাৰ পৰা জনিয়াহৈ অভয়াপুৰী-বঙাইগাঁও লৈ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিব ৷ কিন্তু সেই যাত্ৰাতো বিফল কৰিবলৈ আজি জিলাখনৰ প্ৰায়বোৰ পঞ্চায়ততে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায় গোটৰ প্ৰতিগৰাকী সদস্যক বিতৰণ কৰা হৈছে ফৰ্ম ৷ উক্ত আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই লাভ কৰিব দহ হাজাৰকৈ টকা । সেয়ে পুৱা চাৰি বজাৰ পৰা কলগাছিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ভীৰ কৰে হাজাৰ হাজাৰ মহিলাই ৷ যাৰ ফালত ৰাজপথত এগৰাকীও মহিলাক দেখা নগ’ল ৷ আনহাতে চৰকাৰী আচঁনিৰ ফৰ্ম লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে কলগাছিয়াৰ মহিলাসকলে ৷

ইফালে এসময়ত ভোট বেংকৰ স্বাৰ্থত মুছলমানৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বুকুৰ কুটুম হৈ পৰিছে বিশেষ এটা সম্প্ৰদায় ৷ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভ হোৱাৰ লগে লগে মিঞা মুছলমান মহিলাই ৰাহুল গান্ধীৰ সভালৈ নাযায় বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু 10 হাজাৰ টকাৰ টোপ দি কংগ্ৰেছৰ যাত্ৰা য’ত উপস্থিত হৈছে তাতে ব্যস্ত কৰি ৰাখিছে মহিলাসকলক ৷

গুৱাহাটীৰ মাজেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিবলৈ দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে মঙলবাৰে খানাপাৰতে প্ৰশাসনৰ বাধাৰ সন্মুখীন হৈছিল কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷

লগতে পঢ়ক :বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.