সৰ্বভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ প্লাষ্টিক বৰ্জন সজাগতা ৰেলী

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:20 PM IST

thumbnail

মিৰ্জা, ২০ ফেব্ৰুৱাৰী : সৰ্বভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ২০ দিনীয়াকৈ চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । গুৱাহাটীৰ পৰা ডিমাপুৰ, ডিমাপুৰৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা পাচিঘাট,পাচিঘাটৰ পৰা হলোংগী, হলোংগীৰ পৰা পুনৰ গুৱাহাটীলৈ আহি ১০ মাৰ্চত এই চাইকেল ৰেলীৰ সামৰণি পৰিব । মূলতঃ প্লাষ্টিক বৰ্জনৰ সজাগতা বৃদ্ধি আৰু বিমান বন্দৰ কৰ্তৃপক্ষই হাতত লৈ অহা বিভিন্ন খেলৰ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ চাইকেল চলোৱাতো অন্যতম হিচাপে গণ্য কৰি এই ৰেলীৰ আয়োজন কৰা হৈছে ।  

আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিমান বন্দৰত কৰ্মৰত । এই চাইকেল ৰেলীৰ শুভাৰম্ভণি অনুষ্ঠানত কেবাগৰাকীও অন্য বিমান বন্দৰৰ বিষয়া উপস্থিত থাকে ।   

লগতে পঢ়ক:বশিষ্ঠৰ পাটৰকুছিত তিনিদিনীয়াকৈ অনুস্থিত হৈছে দেহাল কাচিৰ্দম উৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.