ইচ্ছ্যুহীন বিৰোধীয়ে অযথা বিতৰ্ক কৰিছে : মন্ত্রী পীযুষ হাজৰীকা - অসম বিধানসভাৰ বাজেট অধিৱেশন

🎬 Watch Now: Feature Video

thumbnail
ইচ্ছ্যুহীন বিৰোধীয়ে অযথা বিতৰ্ক কৰিছে (undefined)

By ETV Bharat Assamese Team

Published : February 6, 2024 at 2:16 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: বিৰোধীৰ হাতত কোনো ইচ্ছ্যু নাই বাবেই অযথা বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য কৰে মন্ত্রী পীযুষ হাজৰীকাই । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা সদনত বিৰোধীয়ে অসম চৰকাৰৰ ঋণৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে । 

বিৰোধীৰ ঋণৰ প্ৰসংগক অযথা আখ্যা দি সংবাদ মাধ্যমৰ আগত মন্ত্রী পীযুষ হাজৰীকাই কয়, "এইখন চৰকাৰে বিগত আঢ়ৈ বছৰে মানুহৰ বাবেই কাম কৰিছে । যাৰ বাবে বিৰোধীৰ হাতত কোনো ইচ্ছ্যু নাই । আমাৰ সভাসমূহত বিশাল জনসমাগম হয় ৷"

মন্ত্রীগৰাকীয়ে পুনৰ কয়, "প্ৰত্যেকটো নিৰ্বাচনত আমি জয়লাভ কৰো । আমি দুৰ্নীতিমুক্ত পৰিৱেশৰ সৃষ্টি কৰিলো । শেহতীয়া ডিমা হাচাওৰ নিৰ্বাচনত আমাৰ দলে 28 টা সমষ্টিৰ ভিতৰত 25 টাত জয়ী হয় ।" 

বিজেপি দলৰ ভালৰ পৰা ভাল হৈ আছে বুলি সদৰী কৰি মন্ত্রীগৰাকীয়ে কয় যে এইবাৰ লোকসভা নিৰ্বাচনত 12 খন আসন দলে লাভ কৰাটো নিশ্চিত । ৰাইজৰ বাবে কাম কৰা এনেকুৱা এখন চৰকাৰ অসমৰ ৰাইজে আগতে কেতিয়াও দেখা নাই । এইখন চৰকাৰৰ দিনত চাৰিওফালে কেৱল উন্নয়ন হৈছে বুলি সদৰী কৰি মন্ত্রীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত পৰিৱেশ গঢ় দিছে । 

অসমত সকলো ক্ষেত্ৰতে উন্নয়ন হৈছে বুলি সদৰী কৰি মন্ত্রীগৰাকীয়ে কয়, "বিৰোধীৰ লগত কোনো মানুহ নাই । বিৰোধী এতিয়া পথভ্ৰষ্ট, দুৰ্দশাগ্ৰস্ত আৰু হতাশাগ্ৰস্ত ।"

লগতে পঢ়ক:  ভোজ-ভাত খোৱা মিত্ৰতা কৰি বিজেপিক হৰুৱাব নোৱাৰে : পীযুষ হাজৰীকা