ETV Bharat / politics

ভোজ-ভাত খোৱা মিত্ৰতা কৰি বিজেপিক হৰুৱাব নোৱাৰে : পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:46 PM IST

Oppositions Alliance : বিৰোধীৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা ৷ পিকনিক খাবলৈ, ভোজ-ভাত খাবলৈ হোটেল লিলিত মিটিং কৰে আৰু মিটিঙৰ পৰা ওলাই আহি ইজনে-সিজনক গালি পাৰে বুলি বিৰোধীক উদ্দেশ্যি মন্তব্য কৰে মন্ত্ৰীজনে ৷

Oppositions Alliance
বিৰোধীৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা

বিৰোধীক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

তেজপুৰ, 29 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে তীব্ৰ হৈ পৰিছে শাসক-বিৰোধীৰ বাকযুদ্ধ ৷ বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বাকযুদ্ধত লিপ্ত হৈছে শাসক-বিৰোধীৰ নেতা-পালিনেতা ৷ লগে লগে দল সমূহে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ যোগদান কাৰ্যসূচীৰ লগতে অনুষ্ঠিত কৰিছে বিভিন্ন সাংগঠনিক কাৰ্যসূচীৰ ৷

ইয়াৰ মাজতেই আজি পুনৰ বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল মন্ত্ৰী পীযুষ হাজৰীকাক ৷ তেজপুৰত আজি লোকসভা নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰি বিৰোধীক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই ৷ তেওঁ কয় যে, ৰাইজক বিজেপিয়ে ফাঁকি কথা কোৱা নাই ৷ এইবাৰ বিজেপি দলে পূৰ্বতকৈয়ো অধিক ভালকৈ নিৰ্বাচন জিকিব বুলি কয় তেওঁ ৷ লগতে তেওঁ 'কা' আন্দোলন সন্দৰ্ভত ৰাইজক বিপথে পৰিচালিত কৰিব খুজিছিল, অসমখন ধ্বংস কৰিব খুজিছিল বুলি বিৰোধীক তীব্ৰ সমালোচনা কৰে ৷

বিৰোধী মিত্ৰজোঁট ভাঙি শেষেই হ’ল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, লোকসভা নিৰ্বাচনত বিৰোধীয়ে এখনো আসন পাই নে নাপায় সন্দেহ আছে ৷ ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চক কটাক্ষ কৰি তেওঁ কয় যে, আজিও তেওঁলোকে কৰবাত ভোজ-ভাত খাই আছে ৷ তেওঁলোকে পিকনিক খাবলৈ, ভোজ-ভাত খাবলৈ হোটেল লিলিত মিটিং কৰে আৰু মিটিঙৰ পৰা ওলাই আহি ইজনে-সিজনক গালি পাৰে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ লগতে ভোজ-ভাত খোৱা মিত্ৰতা কৰি বিজেপিক হৰুৱাব নোৱাৰে বুলি কয় মন্ত্ৰী হাজৰীকাই ৷

ইফালে 'কা' সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, কা যিহেতু আইনত পৰিণত হৈছে, গতিকে এদিন বলৱৎ হ'বই ৷ তাৰ বাবে সকলে মানসিকভাৱে সাজু হৈ আছে বুলি কয় তেওঁ ৷

আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অশোক সিংহলে আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- "বিজেপিলৈ আৰু আহিব ৷ যি সকলে উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰে, যিয়ে শান্তিৰ ৰাজনীতি কৰিব বিচাৰে আৰু যিয়ে জাতি-মাটি-ভেটিক ভাল পায় তেওঁলোকৰ বাবে একমাত্ৰ বিকল্প ৰাজনৈতিক দলেই হৈছে বিজেপি"৷

লগতে বিধায়ক দিগন্ত কলিতাইয়ো বিৰোধীক কটাক্ষ কৰি তেওঁলোকৰ বৈঠকক 'টী পাৰ্টী' আখ্যা দিয়ে ৷ লগতে ৰাহুল গান্ধীয়ে যিমানে যাত্ৰা কৰি থাকিব সিমানে কংগ্ৰেছৰ বিপৰ্যয় হৈ থাকিব বুলি কয় বিধায়ক কলিতাই ৷

লগতে পঢ়ক : এতিয়াও অভিযোগ দিব পাৰে, তদন্ত কৰা হ’ব : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.