ETV Bharat / politics

এতিয়াও অভিযোগ দিব পাৰে, তদন্ত কৰা হ’ব : ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:07 PM IST

Bismita Gogoi joins BJP : বিস্মিতা গগৈক প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ বিস্মিতা গগৈয়ে অভিযোগ দিলে তদন্ত কৰা হ’ব বুলি মন্তব্য ভূপেন বৰাৰ ৷

Bismita Gogoi joins BJP
বিস্মিতা গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ ভূপেন বৰাৰ
বিস্মিতা গগৈক প্ৰত্যুত্তৰ ভূপেন বৰাৰ

গুৱাহাটী, 29 জানুৱাৰী : বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈক সোমবাৰে উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ এই সন্দৰ্ভত ভূপেন বৰাই কয়- "বিস্মিতা গগৈ মহিলা হিচাপে কংগ্ৰেছ শাসনত থাকোতে আটাইতকৈ ডাঙৰ পদবীত আছিল ৷ কংগ্ৰেছ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ পদবীত বিস্মিতা গগৈয়ে আছিল ৷"

উল্লেখ্য যে দেওবাৰে বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে ৷ তেওঁ কৈছিল- ‘‘ভূপেন বৰাৰ বাবে মই আছিলো অস্পৃশ্য মহিলা । মই পিন্ধা ব্লাউজক লৈও আলোচনা চলে ৰাজীৱ ভৱনত । কেনেকৈ ৰাজীৱ ভৱনত নিৰ্যাতন চলে সময়ত এটা এটাকৈ মুখা খুলিম ।’’

বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছত বিস্মিতা গগৈয়ে কয়- ‘‘ভূপেন বৰাৰ বিৰুদ্ধে মোৰ যথেষ্ট ক্ষোভ আছে ৷ ভূপেন বৰাই বিগত 2 বছৰ মোক কোনো দায়িত্ব নিদিলে ৷’’ তদুপৰি কংগ্ৰেছ দলত মহিলা সুৰক্ষিত নহয় বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিস্মিতা গগৈয়ে ৷ এই অভিযোগ সন্দৰ্ভত তেওঁ কয়- ‘‘মই পৰিধান কৰা ব্লাউজৰ কথাও আলোচনা হয় কংগ্ৰেছ দলৰ মজিয়াত ৷ ইয়াৰ জৰিয়তে মোক মানসিক নিৰ্যাতনো চলাইছিল কংগ্ৰেছ দলে ৷"

বিস্মিতা গগৈৰ এই অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়- "বিস্মিতা গগৈৰ ক্ষেত্ৰত যদি এনে হৈছিল দলৰ মজিয়াত জনাব লাগিছিল | এতিয়াও তেওঁ অভিযোগ দি নাম উল্লেখ কৰিব পাৰে | বিজেপি দলেও‌ অভিযোগ দিব পাৰে | আমি নিশ্চয় তদন্ত কৰিম ৷ বাজপেয়ী ভৱনত কোনাবাই আত্মহত্যা কৰিলে কথাটো তল পেলাই গাপ দিবলৈ চেষ্টা কৰা দল আমি নহয় ৷"

লগতে পঢ়ক : মই পিন্ধা ব্লাউজক লৈও আলোচনা চলে ৰাজীৱ ভৱনত: বিস্মিতা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.