ETV Bharat / politics

মই পিন্ধা ব্লাউজক লৈও আলোচনা চলে ৰাজীৱ ভৱনত: বিস্মিতা গগৈ

Bismita Gogoi joins BJP: ৰাজীৱ ভৱনত মহিলা একেবাৰেই সুৰক্ষিত নহয় ৷ মহিলাই পিন্ধা ব্লাউজটোলৈকে আলোচনা কৰে কংগ্ৰেছৰ নেতাই ৷ বিজেপিত যোগদান কৰিয়েই এই অভিযোগ বিস্মিতা গগৈৰ ৷

Bismita Gogoi
বিস্মিতা গগৈ
author img

By ETV Bharat Assamese Team

Published : January 28, 2024 at 9:16 PM IST

2 Min Read
Choose ETV Bharat
বিজেপিত যোগদান কৰি বিস্মিতা গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২৮ জানুৱাৰী: ‘‘ভূপেন বৰাৰ বাবে মই আছিলো অস্পৃশ্য মহিলা । মই পিন্ধা ব্লাউজক লৈও আলোচনা চলে ৰাজীৱ ভৱনত । কেনেকৈ ৰাজীৱ ভৱনত নিৰ্যাতন চলে সময়ত এটা এটাকৈ মুখা খুলিম ।’’ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ ।

দেওবাৰে বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰি কংগ্ৰেছক এনেদৰে ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায় । বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছ দলক উদ্দেশ্য কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰাৰ বিৰুদ্ধে মোৰ যথেষ্ট ক্ষোভ আছে । ভূপেন বৰাই বিগত ২ বছৰ মোক কোনো দায়িত্ব নিদিলে ।’’

ইয়াৰোপৰি কংগ্ৰেছ দলত মহিলা সুৰক্ষিত নহয় বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি বিস্মিতা গগৈয়ে কয়, ‘‘মই পৰিধান কৰা ব্লাউজৰ কথাও আলোচনা হয় কংগ্ৰেছ দলৰ মজিয়াত । ইয়াৰ জৰিয়তে মোক মানসিক নিৰ্যাতনো চলাইছিল কংগ্ৰেছ দলে । কংগ্ৰেছ দলত সমষ্টি এতিয়া বেচা-কিনা হৈ আছে । ’২৬ ৰ নিৰ্বাচনৰ কাৰণে বৰ্তমান দৰ-দাম চলি আছে কংগ্ৰেছ দলত ।’’

হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন বিজেপিৰ চৰকাৰে অসমৰ সামগ্ৰিক পৰিৱেশ সলনি কৰিছে বুলি মন্তব্য কৰি নেত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ উন্নয়নৰ ধাৰা দেখি সকলো লোক বিজেপিৰ প্ৰতি আগ্ৰহী । ‘‘সেয়েহে আজিৰে পৰা আমি বিজেপিৰ পৰিয়ালৰ সদস্য হ’লোঁ । আমাক বিজেপিৰ সকলোৱে আঁকোৱালি ল’ব ৷ দলৰ বাবে যি কষ্ট কৰিব লাগে সকলো কৰি যাম ।’’ বুলি মন্তব্য কৰে বিস্মিতা গগৈয়ে ৷

বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ মানসিকতাত ৰাইজ বিতুষ্ট হৈছে বুলি সমলোচনা কৰি তেওঁ কয় যে আগন্তুক ১০০ বছৰলৈয়ো কংগ্ৰেছ শাসনলৈ নাহে । ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰাৰ জৰিয়তে অংকিতা দত্তক অন্যায় কৰি গ’ল বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনটোত ভাৰত জোড়ো ন্যায় যাত্ৰা উলিয়াই সনাতনী সংস্কৃতিক অপমান কৰিলে বুলিও মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: গেৰুৱা টুপী পিন্ধিলে প্ৰাক্তন ছাত্র নেতাৰ লগতে কংগ্ৰেছৰ দুই নেত্রীয়ে