ডিফুত দ্বিতীয়বাৰৰ বাবে আয়েজন পেট শ্ব’

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:05 PM IST

thumbnail

ডিফু, ৪ ফেব্ৰুৱাৰী: কাৰ্বি আংলং জিলা পশুপালন বিভাগৰ উদ্যোগত ডিফুত আজি দ্বিতীয়বাৰৰ বাবে পোহনীয়া জন্তুৰ এটা পেট শ্ব' অনুষ্ঠিত হয় । ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই পেট শ্ব'ত ডিফু চহৰৰ লগতে আন অঞ্চলৰ পৰা অহা শতাধিক পোহনীয়া জন্তুৰ লগতে কুকুৰে অংশ গ্রহণ কৰে ।

পশু চিকিৎসক লনী দত্তই উল্লেখ কৰা মতে, পশু আৰু গৰাকীৰ মাজৰ বন্ধুত্ব স্থাপন কৰা আৰু এই বন্ধুত্ব প্রদর্শন কৰাই এই প্রতিযোগিতাৰ মূল উদ্দেশ্য । পোহনীয়া জন্তুৰ পৰা অকৃত্রিম মৰম কেনেকৈ লাভ কৰিব পৰা যায় এইটো পৰিস্ফুট হোৱা বুলি তেওঁ কয় । অতি কম সময়ৰ বাবে ধৰালৈ অহা এই জীৱ-জন্তুসমূহ আমি কিদৰে প্ৰতিপালন কৰাৰ লগতে শুশ্রূষা কিদৰে কৰিব পাৰি সেইটো প্রদর্শন কৰাও অন্যতম উদ্দেশ্য বুলি কয় ।  

এই প্রদর্শনীত প্রদর্শিত পোহনীয়া জন্তুসমূহৰ বাবে বিভিন্ন পুৰস্কাৰৰো ব্যৱস্থা কৰা হয় । এই প্রতিযোগিতাখনত ডাঃ প্রদ্যুত শর্মা, ডাঃ মৃণাল দাস আৰু ডাঃ ৰূপক কুমাৰ নাথে পেট শ্ব'ত বিচাৰক ৰূপে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.