এশৰো অধিক অধিবক্তাই যোগদান কৰিছে বিজেপিত : পবিত্ৰ মাৰ্ঘেৰিটা - Lok Sabha Election in Assam

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 8:56 AM IST

thumbnail

গুৱাহাটী, ২৪ মাৰ্চ : শনিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ আইন কোষৰ এখন কৰ্মশালা । কৰ্মশালাখনিত গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্ৰায় অর্ধশতাধিক অধিবক্তাই ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান‌ কৰে বুলি সদৰী কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।

তেওঁ কয় যে বিজেপিৰ আইনী ভেঁটি সুদৃঢ় কৰিবলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতখন শক্তিশালী কৰিবলৈ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো এশৰো অধিক অধিবক্তাই বিজেপিত যোগদান কৰিছে । ইফালে গুৱাহাটীৰ BJPৰ‌ কাৰ্যালয়তে সাংবাদিকক সম্বোধন‌ কৰি মাৰ্ঘেৰিটাই কয় যে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান‌ বৰুৱাৰ প্ৰচাৰ এতিয়া তৃণমূলৈ গৈছে, য'ত ৰাইজৰ ব্যাপক‌ সঁহাৰি‌‌ পোৱা‌ গৈছে ।

লগতে লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান‌ বৰুৱাৰ মনোনয়ন‌ দাখিলৰ দিন স্থিৰ কৰা‌‌ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়‌ অহা ২৬ মাৰ্চত প্ৰদান‌ বৰুৱাই মনোনয়ন‌ দাখিল কৰিব । ইয়াৰ মাজতে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ ।

লগতে পঢ়ক : খিলঞ্জীয়া হোৱাৰ প্ৰসংগত কি ক’লে মুখ্যমন্ত্ৰীয়ে ? - Aminul Islam Controversy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.