ভুৱা নথিপত্ৰসহ বীৰ লাচিত সেনাৰ দ্বাৰা আটক বহিঃৰাজ্যৰ যুৱক

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 5:25 PM IST

thumbnail

যোৰহাট, 26 ফেব্ৰুৱাৰী : সোমবাৰে পুৱাই যোৰহাট হুলস্থূল ৷ কিয়নো পুৱাই যোৰহাট বীৰ লাচিত সেনা অসমে আঠুকঢ়াই কান্ধত ধৰালে বহিঃৰাজ্যৰ কেবাজনো যুৱকক । বহিঃৰাজ্যৰ পৰা SSC চাকৰিৰ বাবে পৰীক্ষা দিবলৈ আহি বিপদত পৰিল উক্ত যুৱককেইজন ।

অভিযোগ অনুসৰি, বহিঃৰাজ্যৰ যুৱককেইজনে ভুৱা নথি পত্ৰ প্ৰস্তুত কৰি উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহিছিল যোৰহাট কেন্দুগুৰি অৱস্থিত এটা পৰীক্ষা কেন্দ্ৰত । সমগ্ৰ ঘটনাৰ বিষয়ে যোৰহাট জিলা বীৰ লাচিত সেনাই জানিব পাৰি উক্ত যুৱককেইজনক সোধ-পোছ কৰে ৷

তেতিয়াই যুৱককেইজনে জালিয়াতিৰে প্ৰস্তুত কৰা নথিপত্ৰবোৰ পোহৰলৈ আহে । লগতে ভুৱা নথিপত্ৰসহ ধৰা পৰে ভুৱা পৰীক্ষাৰ্থীকেইজন । ইতিমধ্যে যোৰহাট আৰক্ষীক ভুৱা পৰীক্ষাৰ্থীকেইজনৰ বিষয়ে অৱগত কৰিছে বিষয়ে বীৰ লাচিত সেনাই ৷ ধৃত যুৱককেইজন ওড়িশা, বিহাৰ আদিৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ যে, অসমৰ থলুৱা শিক্ষিত যুৱক-যুৱতীসকলক বঞ্চিত কৰি একাংশ বহিঃৰাজ্য যুৱক-যুৱতীয়ে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি SSC দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱৰ্তীণ হৈ আহিছে । সেয়েহে এনে পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত দল-সংগঠন তথা ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে থলুৱা লোকৰ ভাত কাঢ়ি খাবলৈ এইসকল বহিঃৰাজ্য পৰীক্ষাৰ্থীয়ে বিভিন্ন পন্থা গ্ৰহণ কৰিব ৷ এই মন্তব্য যোৰহাট বীৰ লাচিত সেনা অসমৰ ৷

এই বাতৰি পোহৰলৈ অহাৰ পাচতে এতিয়া সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : অস্ত্ৰোপচাৰেৰে কাণত মাইক্ৰ’ফোন সংস্থাপন : আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.