দীপ গগৈ-পৱন সিং ঘাটোৱাৰৰ ওচৰত বিজেপিক ক্ষমা খোজাৰ দাবী গৌৰৱ গগৈৰ

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:27 PM IST

thumbnail

শিৱসাগৰ, ১৮ মাৰ্চ : যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে সোমবাৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আশিস লয় ৷ শিৱদৌলৰ পৰা পোনে পোনে শিৱসাগৰৰ ৰাজীৱ ভৱনত আয়োজন কৰা সমূহীয়া ইফটাৰত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে । ইয়াৰ পাচত ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ ৰাজনীতি জগতৰ তাৰকা তথা প্ৰভাৱশালী নেতা দীপ গগৈ আৰু পৱন সিং ঘাটোৱাৰক লৈ বিজেপি দলে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কৰি দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৌৰৱ গগৈ ৷

দীপ গগৈয়ে ইতিমধ্যে যোৰহাট ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা ব্যক্ত কৰি ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে দুয়োৰে ওচৰত বিজেপি দলক ক্ষমা খোজাৰ প্ৰয়োজন স্পষ্ট কৰে ৷ তেওঁ বিজেপি দল অহংকাৰী বুলি উল্লেখ কৰি তেওঁলোকে যি মন যায় তাকে কৈ আছে বুলি কটাক্ষ কৰে ।

তেওঁ লগতে যোৰহাটৰ বাবে তেওঁ উপযুক্ত হয় নে নহয় সেয়া জনতাই নিৰ্ধাৰন কৰিব বুলি মন্তব্য কৰি বিজেপিক তেওঁলোকে ভোটৰ গণনা কৰি থাকিবলৈ আহ্বান জনাই তেওঁ ৰাইজৰ মৰমক আকোঁৱালি লোৱাৰ কথা ব্যক্ত কৰে ৷ 

লগতে পঢ়ক: আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব গৌৰৱ গগৈ :পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.