এগৰাকীৰ জাতীয়তাবাদ বিক্ৰী হৈছে: ড° হীৰেন গোহাঁয়ে কাৰ কথা ক'লে ? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video

Published : April 22, 2024 at 10:53 PM IST
গুৱাহাটী, ২২ এপ্ৰিল: "কংগ্ৰেছক ভোট দি তেওঁলোকৰ ওপৰত লক্ষ্য ৰাখিম । তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে তেওঁলোকেও শাস্তি পাব ।" এই মন্তব্য বুদ্ধিজীৱী ড° হীৰেন গোহাঁইৰ । সোমবাৰে গুৱাহাটী চানমাৰি কলনী খেলপথাৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে । ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে লগতে বিজেপিক সমালোচনা কৰি কয়, "স্বাধীনতাৰ পিচত কংগ্ৰেছে দেশখনক দাৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰি সুস্থ অৱস্থালৈ আনিছিল । কংগ্ৰেছে পূৰ্বৰ আদৰ্শ খামুচি ধৰি টকাৰ পিচত নদৌৰি দেশৰ স্বাৰ্থত কাম কৰক । জনসাধাৰণ জাগ্ৰত হৈছে নিজৰ অধিকাৰৰ প্ৰতি । নিজৰ নিজৰ প্ৰত্যাশা পূৰণ কৰিব পৰা দলকহে তেওঁলোকে বিশ্বাস কৰিব । গতিকে কংগ্ৰেছে ৰাইজৰ আশা আকাংক্ষাক লগত লৈ আগবাঢ়ি ৰাইজক প্ৰকৃত সেৱা কৰাৰ চেষ্টা কৰক ।" আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিত দুগৰাকীকৈ জাতীয়তাবাদীয়ে প্ৰতিনিধিত্ব কৰা প্ৰসংগত তেওঁ কয় যে এগৰাকীৰ জাতীয়তাবাদ বিক্ৰী হৈছে আৰু আনগৰাকীৰ সজীৱ হৈ আছে ।