ETV Bharat / politics

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন কংগ্ৰেছৰ, পোষ্টেল‌ বেলটত ৰিগিঙৰ অভিযোগ সুপ্ৰিয়া শ্ৰীনাটেৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 8:23 PM IST

কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেই এই অভিযোগ কৰি দেশৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ দেশত স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগক নিৰপেক্ষতা অৱলম্বন কৰাৰ আহ্বান জনায় ৷

SUPRIYA SHRINATE PRESS MEET
সুপ্ৰিয়া শ্ৰীনাটেৰ সংবাদমেল
পোষ্টেল‌ বেলটত ৰিগিঙৰ অভিযোগ সুপ্ৰিয়া শ্ৰীনাটৰ

গুৱাহাটী, 22 এপ্ৰিল : দেশৰ লগতে অসমত লোকসভা নিৰ্বাচনত পোষ্টেল‌ বেলটৰ জৰিয়তে হোৱা ভোটদান প্ৰক্ৰিয়াত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেই ৷ সোমবাৰে গুৱাহাটীত এখন‌‌ সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেই এই অভিযোগ কৰি দেশৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দেশ তথা অসমৰ বিভিন্ন ঠাইৰ পৰা অহা খবৰ অনুসৰি পোষ্টেল‌ বেলটৰ জৰিয়তে হোৱা ভোটদান প্ৰক্ৰিয়াত ব্যাপক ৰিগিং হৈছে ৷ অসমত নিৰ্বাচনী বিষয়া এই ৰিগিঙত জড়িত থকা বুলি তেওঁ অভিযোগ কৰে ৷ এয়া যথেষ্ট চিন্তাৰ বিষয় বুলি সুপ্ৰিয়া শ্ৰীনাটেই মন্তব্য কৰে ৷ তেওঁ দেশত স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগক নিৰপেক্ষতা অৱলম্বন কৰাৰ আহ্বান জনায় ৷

ইফালে দেশৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ ভোটদানৰ দলৰ সমীক্ষা সন্দৰ্ভত শ্ৰীনাটেই কয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তামিলনাডু, মহাৰাষ্ট্ৰ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছৰ সপক্ষে ব্যাপক সংখ্যক ভোটদান হৈছে ৷ যাৰ বাবে বি জে পি ভীতিগ্ৰস্ত হৈ পৰাৰ বিপৰীতে কংগ্ৰেছ যথেষ্ট উৎসাহিত হৈছে ৷ তেওঁ লগতে কয় যে এই ৰাজ্যসমূহত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে ৷ এইটোৱে বি জে পি পৰাজিত হোৱাৰ ইংগিত বহন‌ কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে কয় যে, 2004 আৰু 2009 চনত ভোটদানৰ হাৰ কমাৰ সময়ত বি জে পি পৰাজিত হৈছিল ৷ আকৌ 2014 আৰু 2019 চনত ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰ সময়ত বি জে পি জয়ী হৈছিল বুলি উল্লেখ কৰে তেওঁ ৷ সংবাদমেলত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ উপস্থিত থাকে ৷

লগতে পঢ়ক : তৃতীয় পৰ্যায়ত 4 টা সমষ্টিত ৫২ জন প্ৰাৰ্থীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.