ৰঙিয়াত দেহৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ, লোকনিৰ্মাণ বিভাগলৈ অভিযোগৰ আঙুলি

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 2:19 PM IST

thumbnail

ৰঙিয়া, 26 জানুৱাৰী : ৰঙিয়াৰ কৰ্তাখাটত উদ্ধাৰ আৰক্ষীৰ মৃতদেহ । কালভাৰ্টৰ সমীপত উদ্ধাৰ হৈছে এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ । মৃত লোকজন ৰঙিয়াৰ সমীপৰ ধুহিৰ আলম ৰহমান (28) বুলি জানিব পৰা গৈছে । ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দেহৰক্ষী আছিল মৃত আলম ৰহমান ।

পৰিয়ালৰ লোকে জানিব দিয়া মতে, মটৰ চাইকেল লৈ বৃহস্পতিবাৰৰ নিশা ঘৰলৈ উভতিছিল আলম ৰহমান । কিন্তু নিশা ঘৰলৈ ঘূৰি নাহিল আলম ৷ বিপৰীতে আদবাটতে এটি কালভাৰ্টৰ সমীপত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । পুৱাৰ ভাগত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় ।

ইফালে, লোকনিৰ্মাণ বিভাগৰ অধীনত কালভাৰ্ট নিৰ্মাণ কৰা ঠিকাদাৰৰ হেমাহিৰ বাবে আৰক্ষী জোৱানজনে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে বুলি ৰাইজে অভিযোগ তুলিছে । ঠিকাদাৰে কালভাৰ্ট নিৰ্মাণ কৰাৰ সময়ত কোনোধৰণৰ বেৰিকেড অথবা চাইনবোৰ্ড নলগোৱাৰ বাবে ইয়াৰ পূৰ্বেও কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকে জনায় ।

লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড: ছয় শ্ৰমিক নিহত, আহত চাৰিজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.