কাজিৰঙাত বনৰীয়া হাতীৰ আক্ৰমণত আহত মহিলা বনকৰ্মী

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:12 PM IST

thumbnail

কাজিৰঙা, 7 ফেব্ৰুৱাৰী : কাজিৰঙাত বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা বনকৰ্মী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীত সংঘটিত হয় এই অঘটন ৷ বুধবাৰে বিয়লি কৰ্তব্যৰত অৱস্থাত থাকোঁতে বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে বনকৰ্মীগৰাকীক ৷ আহত মহিলা বনকৰ্মীগৰাকীৰ নাম সংগীতা বৰা বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, চাৰি গৰাকী পুৰুষ বনৰক্ষী সহ তিনিগৰাকী মহিলা বনকৰ্মীয়ে নিয়মীয়া পেট্ৰ’লিঙত হাবিৰ মাজেদি গৈ থকা অৱস্থাত হঠাতে এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে দলটোক। হাতীটোৱে আক্ৰমণৰ লক্ষ্য কৰি লয় মহিলা বনকৰ্মী সংগীতা বৰাক । লগে লগে সহকৰ্মীসকলে হাতীটো খেদিবলৈ চিঞৰ বাখৰ কৰাৰ লগতে ব্লেংক ফায়াৰো কৰে । 

এই ঘটনাত বনকৰ্মী সংগীতা বৰাৰ এখন হাত ভগা বুলি সন্দেহ কৰাৰ লগতে মূৰ আৰু মুখত আঘাত পাইছে বুলি জানিব পৰা গৈছে ৷ আহত সংগীত বৰাক ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালত ভৰ্তি কৰা হৈছে  ৷ অৱশ্যে বনকৰ্মীগৰাকীক সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে । পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ বিগ্নেশে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি বুজ লৈ যথাবিহিত ব্যৱস্থাৰ আশ্বাস দিছে।

লগতে পঢ়ক: একলা-দুকলাকৈ ডাঙৰ হৈছে প্ৰকৃতিৰ সন্তান পৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.