ETV Bharat / state

একলা-দুকলাকৈ ডাঙৰ হৈছে প্ৰকৃতিৰ সন্তান পৰী

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 9:22 PM IST

Kaziranga National Park: একলা-দুকলাকৈ ডাঙৰ হৈছে পৰী ৷ হৈ পৰিছে চঞ্চলা, মৰম আকলুৱা ৷ পৰী এতিয়া হৈ পৰিছে সকলোৰে চকুৰ মণি ।

Baby Elephant
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
অকলা-দুকলাকৈ ডাঙৰ হৈছে প্ৰকৃতিৰ সন্তান পৰী

গোলাঘাট, 6 ফেব্ৰুৱাৰী: কাজিৰঙাত জন্ম হোৱা প্ৰকৃতিৰ সন্তান ‘পৰী’ এতিয়া ডাঙৰ হৈছে একলা-দুকলাকৈ । মাক আৰু মানুহৰ মৰমত তাই এতিয়া হৈ পৰিছে চঞ্চলা, মৰম আকলুৱা । পৰীৰ মাকৰ নাম ভাদৈ । ফুৰ্তিবাজ, তজবজীয়া পৰী ।

পৰী এটা মৰমলগা হাতী পোৱালি । কাজিৰঙাৰ পোহনীয়া হাতী ভাদৈৰ হাতী পোৱালি ‘পৰী’ এতিয়া হৈ পৰিছে সকলোৰে হৈ পৰিছে চকুৰ মণি । এতিয়া মাকতকৈ মাউতৰ সৈতে খেলি থাকে কণমানি পৰীয়ে । পৰী এতিয়া ব্যস্ত মৰম বিচৰাত ৷ সকলোৰে ওচৰত মৰম বিচাৰি যোৱা পৰীৰ সীমাহীন আনন্দৰ মাজত দেখা পোৱা গৈছে সৰু ল’ৰা-ছোৱালীৰ দৰেই শিশুসুলভ আদৱ-কায়দা ৷

উল্লেখ্য যে যোৱা ১২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পোহনীয়া হাতী ভাদৈয়ে জন্ম দিয়ে এটা পোৱালি ৷ বছৰৰ প্ৰথম ভাগতে ভাদৈয়ে জন্ম দিয়া কণমানি পোৱালিটোক মাউতসকলে নাম থ’লে পৰী ৷ জন্মৰ পিচৰে পৰা মাউতৰ আদৰ যত্নত ক্ৰমে পৰী হৈ পৰিল চালে চকুৰোৱা ৷ পৰী আকৌ কৃষ্ণাৰ নাতিনী ৷ অৰ্থাৎ ভাদৈৰ মাকৰ নাম আছিল কৃষ্ণা ৷

থোলোকা শৰীৰটো লৈ দিনৰ দিনটো মাকৰ আশে-পাশে দৌৰি-ঢাপৰি থকা পৰীয়ে কমদিনতে আপোন কৰি পেলালে মাউতক ৷ সেয়ে ২৩ দিন অতিক্ৰম কৰা পৰীৰ লগত ধেমালি কৰি মাউতসকলেও লাভ কৰে সুখানুভূতি ৷ একেদৰে বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত বাগৰি বনাঞ্চলত জন্ম হৈছিল আন এটা হাতী পোৱালি ৷

খৃষ্টমাচৰ দিনা জন্ম হোৱাৰ বাবে পোৱালিটোৰ নাম দিয়া হয় ক্ৰিষ্টী ৷ উল্লেখযোগ্য যে বাগৰি বনাঞ্চলত বৰ্তমান বিভাগীয় পোহনীয়া হাতীৰ সংখ্যা ১৮ টা ৷ ইয়াৰে ভিতৰত ক্ৰিষ্টী আৰু পৰীক ধৰি পোৱালিৰ সংখ্যা ছটা ৷

লগতে পঢ়ক: আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা; বৈচিত্ৰ্যতাই আকৰ্ষিত কৰিছে পৰ্যটকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.