ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত এগৰাকী

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 4:03 PM IST

thumbnail

সৰুপথাৰ, ২৩ জানুৱাৰী : গোলাঘাটৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ বৰপথাৰৰ পাভজানত বৰপথাৰ-জামুগুৰি সংযোগী পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

বৰপথাৰ অভিমুখে গৈ থকা AS03T 2505 নম্বৰৰ চাৰিচকীয়া ছুইফট ডিজায়াৰ বাহনখনে মহতিয়াই নিয়ে এগৰাকী মহিলাসহ এজন কিশোৰক । থিতাতে নিহত হয় মহিলাগৰাকী আৰু গুৰুতৰভাৱে আহত হয় ১৬ বছৰীয়া কিশোৰজন ।

নিহত মহিলা গৰাকীৰ নাম ৰূপালী বৰা বুলি জানিব পৰা গৈছে আৰু আহত কিশোৰজনৰ নাম হৈছে অবিনাশ বৰা । এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, মহিলাগৰাকী ঘৰৰ পদূলিত ৰৈ থকা অৱস্থাতে মহতিয়াই নিয়ে বাহনখনে ।

স্থানীয় ৰাইজে অভিযোগ কৰাৰ মতে স্পীড ব্ৰেকাৰ নথকাৰ বাবে উক্ত অঞ্চলটোত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় । পথ সুৰক্ষাৰ ব্যৱস্থা নথকাৰ বাবে তাত গাড়ী-মটৰৰ উৎপাত বাঢ়িছে বুলিও স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইফালে গুৰুতৰভাৱে আহত কিশোৰজনক গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক : দুখনকৈ বাহনে চোঁচৰাই নিলে পথচাৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.