বঙাইগাঁৱত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:32 PM IST

thumbnail

বঙাইগাঁও, 10 ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ চৌটাকিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশাৰ ভাগত কণ্টেইনাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ঘটনাস্থলীতেই এজন লোক নিহত হয় আনহাতে এজন লোক গুৰুতৰভাৱে আহত হয় ৷ নিহত হোৱা লোকজন নয়াগাঁৱৰ হৰ কুমাৰ নাথ (30) বুলি জানিব পৰা গৈছে ৷ লগতে আহত লোকজনৰ নাম চৌটাকিৰ স্বাধীন নাথ  ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতেই স্থানীয় ৰাইজে আহি উদ্ধাৰ কৰিবলৈ সক্ষম হয় এজনক আৰু এজনৰ ঘটনাস্থলীতেই মৃত্যু হয় ।

আহত হোৱা লোকজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত চলাই আছে।

লগতে পঢ়ক: ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.