গেছৰ ষ্টোভ অন কৰি কিয় আত্মহত্যা কৰিলে অইলৰ অভিযন্তাই; চাঞ্চল্য অব্যাহত

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:36 AM IST

thumbnail

মৰাণ, 2 ফেব্ৰুৱাৰী : দুলীয়াজানৰ অইল আৱাসিক কল’নিত বৃহস্পতিবাৰৰ নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ।অইল আৱাসিক কল’নি ডি এক্স 14 নম্বৰৰ আৱাস গৃহটিত সংঘটিত হয় আত্মহত্যাৰ ঘটনা । আৱাস গৃহটোত বাস কৰিছিল আকাশদ্বীপ শৰ্মা নামৰ এগৰাকী অইলৰ অভিযন্তাই আৰু অভিযন্তাগৰাকীয়ে নিশা আত্মহত্যা কৰাক লৈ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ ।

বিহাৰৰ অভিযন্তাগৰাকীয়ে অকলেই আৱাস গৃহটোত বাস কৰিছিল বুলি জানিব পৰা গৈছে । নিশাই ঘটনাস্থলীত দুলীয়াজান আৰক্ষী আৰু টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে । প্ৰশাসনৰ লোকে জানিবলৈ দিয়া অনুসৰি ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি পাকঘৰত গামোচাৰে চিপ লৈ আত্মহত্যা কৰে অভিযন্তাগৰাকীয়ে ।

তথ্য অনুসৰি, বৃহস্পতিবাৰে দিনৰ ভাগত অইলত নিজৰ দায়িত্বও সমাপন কৰিছিল অভিযন্তাগৰাকীয়ে । লক্ষণীয় বিষয় যে অভিযন্তাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত পাকঘৰৰ গেছক ষ্টোভ জ্বলি থকা প্ৰত্যক্ষ কৰিছিল উপস্থিত লোকে, যিয়ে সমগ্ৰ ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে ৷

অবিবাহিত বিষয়াগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইতিমধ্যে বিহাৰৰ পৰা পৰিয়ালৰ লোক দুলীয়াজানলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মই জে ই ই কৰিব নোৱাৰিলোঁ...পৰীক্ষাৰ নোট লিখা কলমটোৰে নীহাৰিকাই লিখিলে আত্মহননৰ টোকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.