কাজিৰঙাত বৃদ্ধি পৰ্যটকৰ সংখ্যা: চাৰি মাহতেই ৰাজহ সংগ্ৰহ ৩.৫ কোটি টকা

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:14 PM IST

thumbnail

কাজিৰঙা, ৯ ফেব্ৰুৱাৰী: বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা কাজিৰঙা পৰ্যটনে অতিক্ৰম কৰিলে চাৰি মাহ ৷ প্ৰথম চাৰি মাহত পৰ্যটকৰ সোঁত বৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ ৷ চলিত পৰ্যটন বৰ্ষত নদী পৰ্যটনৰ সফলতা উল্লেখনীয় বুলি উল্লেখ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোণালী ঘোষে ৷  

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোণালী ঘোষে উল্লেখ কৰা অনুসৰি যোৱা অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা আছিল ১৭,৬৬২গৰাকী । আনহাতে,নৱেম্বৰত ৪০,২৪২ গৰাকী,ডিচেম্বৰ ৬৫,০০০ আৰু জানুৱাৰী ৫২,০০০ গৰাকী দেশী -বিদেশী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সৰ্বাধিক পৰ্যটক অহা ডিচেম্বৰত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰা ৰাজহৰ পৰিমান আছিল এক কোটি পঞ্চলিশ লাখ টকা ৷ সমান্তৰালকৈ জানুৱাৰীত উদ্যান কৰ্তৃপক্ষই লাভ কৰিলে এক কোটি একৈশ লাখ টকাৰ ৰাজহ ।  

সামগ্ৰিকভাৱে বিগত চাৰি মাহত উদ্যানখনলৈ আহে এক লাখ আশী হাজাৰ দেশী -বিদেশী পৰ্যটক ৷ চাৰি মাহত উদ্যান কৰ্তৃপক্ষই মুঠ ৰাজহ লাভ কৰিলে ৩.৫ কোটি টকা ৷ শেহতীয়াকৈ সোণালী বাঘ তথা বাঘ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷ ইফালে, চলিত পৰ্যটন বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত সংযোগ হোৱা বিশ্বনাথ আৰু বুঢ়াচাপৰিত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা ৷ চলিত মাহতে বুঢ়াচাপৰিত উদ্যান কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব শিমলু ফেষ্টিভেল ৷ 

লগতে পঢ়ক: সমাগত আলি আয়ে লৃগাং, ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা-গাভৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.